বাক্সা, ৪ মাৰ্চ : বাক্সাৰ বৰমাত শনিবাৰে বি পি এফৰ এখন প্ৰতিনিধি সভা অনুষ্ঠিত হৈ যায় ৷ জনসমূদ্ৰত পৰিণত হয় এই প্ৰতিনিধি সভা ৷ দলে আশা কৰাতকৈ অধিক পৰিমাণৰ লোকৰ সমাগম ঘটে মানুহৰ ৷
লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিজৰ ৰাজনৈতিক ভেটি শক্তিশালী কৰাৰ বাবে কঁকালত টঙালি বান্ধি সাজু হৈছে বি পি এফ দল । বি পি এফৰ প্ৰতিনিধি সভাত আগন্তুক লোকসভা নিৰ্বাচনত (Upcoming loksabha elections) কোকৰাঝাৰ - ওদালগুৰি সমষ্টিত নিজাকৈ প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে বি পি এফ দলে ৷
বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত লোকসভা নিৰ্বাচন সম্পৰ্কে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । আগন্তুক লোকসভা নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নকৰাকৈ নিজাববীয়াকৈ কোকৰাঝাৰ আৰু ওদালগুৰি বা মঙলদৈ সমষ্টিত প্ৰাৰ্থী দিয়াৰ কথা ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে (BPF will contest two constituencies) ।