অসম

assam

By

Published : Oct 2, 2020, 10:45 PM IST

ETV Bharat / state

বিভিন্ন দাবীৰে বিটিচিত বিপিএফ-ইউপিপিএলৰ প্ৰতিবাদ

শুকুৰবাৰে বিটিচিত বিপিএফ-ইউপিপিএলৰ প্ৰতিবাদ ৷ বিটিচিৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে দল দুটাই ৷

BPF UPPL protest in BTC
বিটিচিত বিপিএফ-ইউপিপিএলৰ প্ৰতিবাদ

বৰপেটাৰোড, 2 অক্টোবৰ: বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত আৰু গণতন্ত্ৰ ৰক্ষা কৰাৰ দাবীৰে গান্ধী জয়ন্তীৰ দিনাই হটাপাৰাস্থিত বিপিএফৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত চাৰিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে বিপিএফে ৷ মথনগুৰী ব্লক বিপিএফৰ উদ্যোগত পুৱা 10 বজাৰ পৰা বিয়লি 2 বজালৈ এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ বিটিচিত ৰাজ্যপালৰ শাসনৰ সময়ছোৱাত কোনো ধৰণৰ উন্নয়নমূলক কাম-কাজ নোহোৱাৰ অভিযোগ তুলি পুনৰ ৰাজ্যপালৰ শাসন বৃদ্ধি নকৰিবলৈ দলটোৱে দাবী উত্থাপন কৰে ৷

বিটিচিত বিপিএফৰ প্ৰতিবাদ

বৰমা: ইফালে বাক্সাৰ শালবাৰীতো মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত ইউপিপিএল দলে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । শালবাৰী জিলা কমিটীয়ে এমজিএনৰেগা আঁচনিৰ জব কাৰ্ডত সোমোৱা ধনসমূহ বিপিএফৰ মেম্বাৰ-চেয়াৰমেনে হৰলুকি কৰাৰ অভিযোগ উত্থাপন কৰি ধন লুটি খোৱাসকলক উচিত শাস্তি প্ৰদানৰ দাবী জনায় ইউপিপিএলে । বিভিন্ন শ্ল’গানেৰে শালবাৰী উত্তাল কৰি তোলাৰ পাচত মহকুমাধিপতি নিত্য বিনোদ ওৱাৰীৰ জৰিয়তে প্ৰধানমন্ত্ৰী,ৰাজ্যপাল আৰু মুখ্যমন্ত্রীলৈ সুকীয়াকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে দলটোৱে ৷

বিটিচিত ইউপিপিএলৰ প্ৰতিবাদ

লগতে পঢ়ক:গাঁওবুঢ়াই স্বীকাৰ কৰিলে ডকমকাৰ গণহত্যাৰ কথা

ABOUT THE AUTHOR

...view details