বাক্সা,14জুলাইঃ বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলে ভিতৰি-ভিতৰি ব্যাপক তৎপৰতা আৰম্ভ কৰাৰ সময়তে ১৩ জুলাইৰ আবেলি ২৯নং শুক্লাই চেৰফাং সমষ্টিৰ অন্তৰ্গত সুৱাগপুৰ চ'ক বজাৰৰ মাজমজিয়াত বিজেপি দলৰ পতাকা উঘালি পেলোৱা ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে সমষ্টিটোৰ ভিন্ন প্ৰান্তত। মঙলবোৰে ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে বিপিএফ দলে এখন সংবাদমেল সম্বোধন কৰি মিত্ৰতাত থকা গেৰুৱা দলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে । শুক্লাইস্থিত পৰিদৰ্শন বঙলাত শুক্লাই চেৰফাং ব্লক বিপিএফ সমিতিয়ে আয়োজন কৰা সংবাদ মেল সম্বোধন কৰি ব্লক সমিতিৰ সভাপতি জিনাৰাম বড়োয়ে পতাকা উঘালি পেলোৱা কাৰ্যক গৰিহণা দি কয় যে, গণতান্ত্রিক দেশত যি কোনো দলেই ৰাজনীতি কৰিব পাৰে যদিও যোৱাকালি হৈ যোৱা ঘটনা দুৰ্ভাগ্যজনক। এই ঘটনাৰ বাবে বিজেপি দলে বিপিএফ দলক জগৰীয়া কৰিব বিচাৰিছে যদিও ঘটনাটোত অভিযুক্ত ৰুমৈ বসুমতাৰী বিপিএফ দলৰ প্ৰাথমিক, ব্লক, জিলা তথা কেন্দ্ৰীয় সমিতিৰ কোনো বিষয়বাবত নাই বুলি তেওঁ স্পষ্ট কৰি দি, এই ঘটনাত বিপিএফ দল কোনোপধ্যে জড়িত নহয় বুলি উল্লেখ কৰে ।
সুৱাগপুৰ কাণ্ডক লৈ বিপিএফৰ সংবাদমেল - গেৰুৱা দলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ
শুক্লাইস্থিত পৰিদৰ্শন বঙলাত শুক্লাই চেৰফাং ব্লক সমিতি বিপিএফে আয়োজন কৰা সংবাদমেল সম্বোধন কৰি ব্লক সমিতিৰ সভাপতি জিনাৰাম বড়োয়ে পতাকা উভালি পেলোৱা ঘটনাক গৰিহণা দি কয় যে গণতান্ত্রিক দেশত যিকোনো দলেই ৰাজনীতি কৰিৱ পাৰে যদিও যোৱাকালি হৈ যোৱা ঘটনা দুৰ্ভাগ্যজনক।
![সুৱাগপুৰ কাণ্ডক লৈ বিপিএফৰ সংবাদমেল bpf-press-meet-incident-of-swagpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8017154-266-8017154-1594702801666.jpg)
ইপিনে ঘটনাৰ পিছতে কেইবা শতাধিক বিজেপি কৰ্মকৰ্তাই কৰ‘ণা ভাইৰাছৰ নিৰ্দেশনাক ভৰিৰে মোহাৰি সামাজিক দূৰত্ব নামানি স্থানীয় বিপিএফ প্ৰাৰ্থী গণেশ কছাৰী আৰু বিপিএফ দলৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়াৰ অভিযোগ উত্থাপন কৰি বিপিএফ নেতাজনে এই ক্ষেত্ৰত তেওঁলোকৰ বিৰুদ্ধে চৰকাৰী আইন ভংগ কৰাৰ অপৰাধত দলৰ তৰফৰ পৰা এক গোছৰ ৰুজু কৰা হ'ৱ বুলিও সংবাদমেলত সদৰি কৰে। মিত্ৰতা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত নেতাজনে দলৰ উৰ্ধতম মহলৰ নিৰ্দেশনা মানি বিপিএফ দলে ৰাজনীতি কৰি অহা বুলি উল্লেখ কৰে। এই ক্ষেত্ৰত বিজেপিৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কৰে আগন্তুক পৰিষদীয় নিৰ্বাচনত দল অৱতীৰ্ণ হোৱা বুলি কৈ বিপিএফে মিত্ৰতাৰ নিয়ম মানি চলি আহিছে যদিও বিজেপি দলেহে এই ক্ষেত্ৰত নিজাববীয়াকৈ ৰাজনীতি কৰি অহাৰ অভিযোগ কৰে । ইপিনে ঘটনা সন্দৰ্ভত তেওঁ ৰুমৈ বসুমতাৰীক বিজেপি দলেহে উচটনি দি সুৰাসক্ত অৱস্থাত বিপিএফ দলৰ বদনাম কৰাৰ বাবেহে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে।
লগতে পঢ়কঃ তেলেংগানা শীৰ্ষ আদালতে স্থগিত ৰাখিলে বিধানসভা সচিবালয় ভাঙিবলৈ দিয়া নিৰ্দেশ