অসম

assam

By

Published : Sep 9, 2020, 5:38 PM IST

ETV Bharat / state

হাগ্ৰামা মহিলাৰী চতুৰ্থবাৰৰ বাবে হ'ব বিটিচি প্ৰধানঃ চন্দন ব্ৰহ্ম

তামুলপুৰৰ দৰঙগাজুলি পৰিষদীয় সমষ্টিৰ পাটকিজুলীত বুধবাৰে অনুষ্ঠিত হয় বিপিএফ দলৰ এক কৰ্মী সভা । 26 নং দৰঙগাজুলি পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী বিজিত গৌৰা নাৰ্জাৰীক বিপুল ভোটৰ ব্যৱধানত জয় যুক্ত কৰোৱাৰ বাবে বিপিএফ দলে আয়োজন কৰে এই বিশেষ কৰ্মী সভা ।

BPF Political Party Organised Workers Meeting At Tamulpur
হাগ্ৰামা মহিলাৰী চতুৰ্থবাৰৰ বাবে হ'ব বিটিচি প্ৰধানঃ চন্দন ব্ৰহ্ম

বাক্সা, 9 ছেপ্তেম্বৰ: বিটিচি নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই যদিও বিভিন্ন ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ। তামুলপুৰৰ দৰঙগাজুলি পৰিষদীয় সমষ্টিৰ পাটকিজুলীত বুধবাৰে অনুষ্ঠিত হয় বিপিএফ দলৰ এক কৰ্মী সভা । 26 নং দৰঙগাজুলি পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী বিজিত গৌৰা নাৰ্জাৰীক বিপুল ভোটৰ ব্যৱধানত জয় যুক্ত কৰোৱাৰ বাবে বিপিএফ দলে আয়োজন কৰে এই বিশেষ কৰ্মীসভা ।

হাগ্ৰামা মহিলাৰী চতুৰ্থবাৰৰ বাবে হ'ব বিটিচি প্ৰধানঃ চন্দন ব্ৰহ্ম

ইফালে,এই সভাত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী চন্দন ব্ৰহ্ম । প্ৰায় 400 লোকৰ উপস্থিতিত অনুষ্ঠিত হয় সভাখন । তামুলপুৰৰ বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীৰ সভাপতিত্বত পাটকীজুলিৰ মাইনাও ক্লাৱ ষ্টেডিয়ামত অনুষ্ঠিত হয় বিপিএফ দলৰ কৰ্মী সভাখন । সভাত অসম চৰকাৰৰ মন্ত্ৰী তথা বিপিএফ নেতা চন্দন ব্ৰহ্ম উপস্থিত থাকি দৰঙগাজুলী পৰিষদীয় সমষ্টিৰ কৰ্মীৰ সৈতে মত বিনিময় কৰে ৷

আনহাতে,আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফ দলে 30 খনতকৈ অধিক আসন লাভ কৰি পুনৰ বিটিচি পৰিষদ দখল কৰিব আৰু হাগ্ৰামা মহিলাৰীয়ে পুনৰ বিটিচিৰ চীফ হ'ব বুলি দৃঢ়তাৰে কয় মন্ত্ৰী গৰাকীয়ে । লগতে,বিপিএফৰ প্ৰাৰ্থী বিজিত গৌৰা নাৰ্জাৰীয়ে নিশ্চিতভাবে বিজয় সাব্যস্ত কৰিব বুলি মন্তব্য প্ৰদান কৰে ৷

লগতে পঢ়ক : বিজেপি নেতাৰ দম্ভালি : চৰকাৰে দৰমহা দিছে, চৰকাৰৰ মতেই চলিব লাগিব কৰ্মচাৰী

ABOUT THE AUTHOR

...view details