বৰমা,16 জুনঃ বিটিএডি নিৰ্বাচনৰ বাবে দিন নিৰ্ধাৰণ কৰা নাই যদিও আৰম্ভ হৈছে নিৰ্বাচনী বতাহ । দলত্যাগ-সমালোচনা-প্ৰতিক্ৰিয়া সকলো তুংগত আছে স্বায়ত্ব শাসিত অঞ্চলটোৰ পৰিৱেশ ।
ইমানুৱেল মুছাহাৰীৰ পদত্যাগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিপিএফ দলে । বাক্সাৰ বৰিমাখাত এক দলীয় সভাত উপস্থিত হৈ বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মই দল ত্যাগ কৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে। আনহাতে তেওঁৰ দলত্যাগে বিপিএফত কোনো ক্ষতি কৰিব নোৱাৰে বুলিও উল্লেখ কৰে ।
বিধায়ক গৰাকীয়ে কয় যে বিপিএফ দল সাংগঠনিক ভাবে যথেষ্ট শক্তিশালী অৱস্থাত আছে গতিকে বিধায়ক মুছাহাৰী দল ত্যাগ কৰি বিজেপিলৈ গ'লে বিপিএফ দলৰ কোনো ক্ষতি নহয় ।