অসম

assam

ETV Bharat / state

নিৰ্বাচনঃ মুছলপুৰত BPF কৰ্মীয়ে প্ৰহাৰ কৰিলে UPPL ৰ সদস্যক - বাক্সা জিলা

বিটিএডিত পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি এটা হিংসাত্মক ঘটনা সংঘটিত হয় ৷ ইতিমধ্যে আহত লোক জনে বিপিএফৰ এজন সদস্যৰ বিৰুদ্ধে বৰমা থানাত এখন এজাহাৰ দাখিল কৰিছে ৷

BPF members Attecked UPPL Member At Musalpur Baksha District
নিৰ্বাচনঃ মুছলপুৰত BPF কৰ্মীয়ে প্ৰহাৰ কৰিলে UPPl ৰ সদস্যক

By

Published : Aug 17, 2020, 9:47 PM IST

বৰমা, ১৭ আগষ্টঃ ৰাজ্যত আগন্তুক 2020 চনৰ বিধান সভাৰ নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলেই ইতিমধ্যে আৰম্ভ কৰিছে ৰণ-কৌশল ৷ ইফালে অব্যাহত আছে ইটো ৰাজনৈতিক দলৰ পৰা আন এটা ৰাজনৈতিক দলত নেতা-পালি নেতাৰ যোগদান কাৰ্যসূচী ৷ সমান্তৰালভাৱে বি টি এডিতো পৰিষদীয় নিৰ্বাচনক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৷

নিৰ্বাচনঃ মুছলপুৰত BPF কৰ্মীয়ে প্ৰহাৰ কৰিলে UPPl ৰ সদস্যক

তেনে এক নিৰ্বাচন কেন্দ্ৰীক হিংসাত্মক ঘটনা এটা সংঘটিত হৈছে বাক্সা জিলাত ৷ জিলা খনৰ ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিত ইউ পি পি এল দলৰ সমৰ্থক আলাগজাৰ গাঁৱৰ কৃষক হৰিণ বড়োক বি পি এফ দলৰ সমৰ্থকে প্ৰহাৰ কৰে বুলি অভিযোগ উঠিছে ৷ ইফালে বি পি এফৰ সদস্যই ইউ পি পি এল দলৰ সদস্যক প্ৰহাৰ কৰাৰ ঘটনাত সমগ্ৰ মুছলপুৰ অঞ্চলটো উত্তপ্ত হৈ পৰে ৷

ঘটনা অনুসৰি কৃষক হৰিণ বড়োৱে বজাৰ কৰিবলৈ যোৱা অৱস্থাতে বাটতে আগচি ধৰি বি পি এফ দলৰ সমৰ্থকে প্ৰহাৰ কৰে ৷ ঘটনা সংক্ৰান্তত ইতিমধ্যে হৰিণ বড়োৱে বৰমা থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ মুছলপুৰ ব্লক ইউ পি পি এল অৰ সভাপতি বাপন বসুমতাৰীয়ে দলীয় সদস্য হৰিণ বড়োক প্ৰহাৰ কৰা কাৰ্যক তীব্ৰ নিন্দা কৰাৰ লগতে বিপিএফ দলৰ কৰ্মীক উচিত শাস্তি প্ৰদান কৰাৰ কাৰণে চৰকাৰ-প্ৰসাসনক আহ্বান জনায় ৷

লগতে পঢ়ক- ডিব্ৰুগড়ত ভয়াৱহ অগ্নিকাণ্ড;নিমিষতে ছাঁই তিনিটা আৱাসগৃহ

ABOUT THE AUTHOR

...view details