অসম

assam

By

Published : Jul 21, 2019, 8:20 PM IST

ETV Bharat / state

বানঃ বিধস্ত পথ নিৰ্মাণ কৰিলে ৰাইজে

তামুলপুৰ গোৰেশ্বৰৰ গেৰুৱা গাঁৱৰ এটা বান বিধস্ত পথ মেৰামতি কৰিলে বিটিএডিৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে ৷

বান বিধস্ত পথ : নিৰ্মাণ কৰিলে ৰাইজে

তামুলপুৰ, 21 জুলাই : তামুলপুৰ মহকুমাৰ গোৰেশ্বৰত বিটিএডিৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে ব্যক্তিগত পুঁজিৰে মেৰামতি কৰি উলিয়ালে এক বান বিধস্ত পথ ৷ গোৰেশ্বৰৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গেৰুৱা গাঁৱৰ বান বিধস্ত পথটিৰ বাবে শিল বালি যোগান ধৰি গাঁৱৰ ৰাইজক উপকৃত কৰিলে বসুমতাৰীয়ে ৷

বান বিধস্ত পথ : নিৰ্মাণ কৰিলে ৰাইজে

কোনো চৰকাৰী আঁচনিলৈ ৰৈ নাথাকি বিপিএফ কৰ্মী সকলক বিনা পাৰিশ্ৰমিকেৰে পথটো মেৰামতি কৰিবলৈ আহ্বান জনাইছিল বসুমতাৰীয়ে । কাৰ্যবাহী সদস্য গৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দলৰ সদস্যসকলে স্থানীয় ৰাইজৰ সহযোগত পথটো দেওবাৰে মেৰামতি কৰে । উল্লেখ্য যে, কাৰ্যবাহী সদস্য গৰাকীৰ এই তৎকালিন পদক্ষেপৰ বাবে আনন্দিত হৈ পৰা গাঁৱৰ ৰাইজে ধন্যবাদ জ্ঞাপন কৰে তেওঁক ৷

ABOUT THE AUTHOR

...view details