বৰমা, 28 অক্টোবৰ:বাক্সা জিলাৰ খুৱনখাটাত ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ নিৰ্বাচনী সভা ৷ বিটিএডিত পৰিষদীয় নিৰ্বাচন অহা ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱাৰ বিষয়ে ঘোষণা কৰিছে নিৰ্বাচন আয়োগে ৷ তাৰ পাচতেই তীব্ৰতৰ হৈ পৰিছে ভিন্ন দলৰ প্ৰচাৰ অভিযান ৷
বাক্সা জিলাৰ খুৱনখাটাত বিপিএফৰ নিৰ্বাচনী সভা - বিপিএফ
বিটিএডিত পৰিষদীয় নিৰ্বাচন অহা ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱাৰ বিষয়ে ঘোষণা কৰিছে নিৰ্বাচন আয়োগে ৷ তাৰ পাচতেই তীব্ৰতৰ হৈ পৰিছে ভিন্ন দলৰ প্ৰচাৰ অভিযান ৷ সেই উপলক্ষে বুধবাৰে বাক্সা জিলাৰ খুৱনখাটাত অনুষ্ঠিত হয় বিপিএফ দলৰ নিৰ্বাচনী সভা ৷
বুধবাৰে খুৱনখাটাত অনুষ্ঠিত বিপিএফ দলৰ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি বিপিএফ দলৰ সম্পাদক প্ৰবীণ বড়োৱে কয়,বিপিএফ দলে শূন্যৰ পৰা আহি আজিৰ অৱস্থা পাইছে ৷ ইয়াৰোপৰি তেওঁ বিটিআৰ চুক্তিৰ বিষয়ে উল্লেখ কৰি কয়,বিটিআৰ চুক্তিত অন্তৰ্ভুক্ত হোৱা 90 শতাংশ কাম ইতিমধ্যে হাগ্ৰামা মহিলাৰীৰ চৰকাৰে সম্পন্ন কৰিছে ৷ বুধবাৰে অনুষ্ঠিত সভাখনত নাৰায়ণ দাস,গংগাধৰ ৰামছিয়াৰী,বিধায়ক মনেশ্বৰ ব্ৰহ্মকে ধৰি উপস্থিত থাকে প্ৰায় শতাধিক লোক ৷
লগতে পঢ়ক:টিকটকেন্দ্ৰিক ৰাজনীতি: বহু সমষ্টিত বিজেপিৰ ভিতৰচৰাত আৰম্ভ হৈছে যুঁজ