বাক্সা,25আগষ্টঃমঙলবাৰে বাক্সা জিলাৰ কুমাৰীকাটাৰ চোচামাৰা আদৰ্শ বিদ্যালয়ৰ খেল পথাৰত বিপিএফ দলত মহিলা সকলৰ যোগদান সভা এখন অনুষ্ঠিত হয় । উক্ত সভাত তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশী উপস্থিত থাকি কেইবাটাও বিস্ফোৰক মন্তব্য কৰে সভাপতি জনে ৷
তেওঁ কয় যে, পূৰ্বতে দেবেন বড়োৱে বিপিএফৰ কাৰ্যবাহী সদস্য হৈয়ো বিগত দিনত ৰাইজৰ বাবে একো কাম নকৰিলে । ইফালে দেবেন বড়োই বিজেপি যোগদান কৰাত তীব্ৰ কটাক্ষ কৰে তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীয়ে ৷ তেওঁ কয় যে, কেনেবাকৈ যদি দেবেন বড়ো বিজেপিৰ পৰা জয়ী হয়, তেতিয়া হ'লে অনাগত দিনত উন্নয়ণৰ কথাটো দূৰৰে কথা ৰাইজে তেওঁক লগেই নাপাব । লগতে তেওঁ কয় য়ে, বিজেপি এটা সাম্প্ৰদায়িক দল প্ৰতিটো সময়তে বিজেপি দলটোৱে হিন্দু মুছলমানৰ ৰাজনীতি কৰে । বিপিএফ দলে সাম্প্ৰদায়িক ৰাজনীতি নকৰে আৰু আকৌ এবাৰ বিপিএফ দলে বিটিচি দখল কৰিব বুলি মন্তব্য কৰে সভাপতিজনে । গতিকে সকলো ৰাইজকে নাঙলৰ চিহ্নত ভোট দিবলৈ আহ্বান জনায় ।