বাক্সা, 12 ছেপ্তেম্বৰ: শুক্লাই-চেৰফাঙত বিপিএফৰ যোগদান সভাত মন্ত্ৰী ভৱেশ কলিতাক প্ৰত্যাহ্বান গণেশ কছাৰীৰ ৷ ‘বিপিএফ দলেপ্ৰলোভনৰ ৰাজনীতি কৰা নাই মাত্ৰ উন্নয়নৰ হে ৰাজনীতি কৰিছে’ বুলি মন্তব্য গনেশ কছাৰীৰ । বিপিএফ দলৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে কেৱল শান্তি, প্ৰগতি আৰু উন্নয়ন । বেলেগ ৰাজনৈতিক দলৰ উন্নয়নৰ সদিচ্ছা নাই যদিও অপপ্ৰচাৰ চলোৱাত সিদ্ধহস্ত ৷ এই মন্তব্য বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা 29 নং শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী গণেশ কছাৰীৰ ।
শনিবাৰে সমষ্টিটোৰ অন্তগর্ত ঔবাৰীস্থিত প্ৰাৰ্থীগৰাকীৰ নিজ বাসভৱনত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত এই মন্তব্য আগবঢ়ায় কছাৰীয়ে । বিপিএফ দল তথা হাগ্ৰামা মহিলাৰীৰ বলিষ্ঠ নেতৃত্বৰ বাবেই স্বাধীনোত্তৰ কালৰ পৰাই চৰকাৰৰ দৃষ্টিত অৱহেলিত হৈ থকা বিটিচি অঞ্চললৈ আজি চমকপ্ৰদ পৰিৱৰ্তন তথা উন্নয়ন অহা বুলি উল্লেখ কৰে ৷ ইপিনে তিনিটাকৈ কাৰ্যকাল তেওঁৰ দখলত থকা শুক্লাই-চেৰফাঙো এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় বুলি উল্লেখ কৰি সমষ্টিটোৰ ক্ষীপ্ৰ উন্নয়ন কেৱল ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী আৰু তেওঁৰ বাবেহে সম্ভৱ হোৱা বুলি কয় ।
এই ক্ষেত্ৰত আন কোনো ৰাজনৈতিক দলৰ অৰিহণা নাই বুলি উল্লেখ কৰি তেওঁৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা তথা বৰ্তমানো কৰি থকা 9 গৰাকীকৈ মন্ত্ৰী-সাংসদ, বিধায়ক উন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি কটাক্ষ কৰি অসম চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাক আক্ৰমণেৰে থকা-সৰকা কৰে ।
তেওঁ মন্ত্ৰীগৰাকীক উন্নয়নৰ ক্ষেত্ৰত প্ৰত্যাহ্বান জনায় কয় যে, মন্ত্ৰীগৰাকীৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বহুকেইখন গাঁৱত তেওঁ বিগত সময়ছোৱাত কৰা কামৰ বাবে উন্নয়ন আহিছে যদিও মন্ত্ৰীগৰাকীৰ এই ক্ষেত্ৰত তিলমানো অৰিহণা নাই । বিগত সময়ছোৱাত বিপিএফ দলৰ নেতৃত্বত হোৱা উন্নয়নমূলক কাম-কাজক একাংশ দল তথা ব্যক্তিয়ে অপপ্ৰচাৰ চলাই কেন্দ্ৰীয় চৰকাৰৰ আচঁনি বুলি উল্লেখ কৰি অহাৰ ক্ষেত্ৰত বিজেপি কেতিয়া শাসনলৈ আহিছে বুলি প্ৰশ্ন উত্থাপন কৰে ।