অসম

assam

ETV Bharat / state

বিপিএফত 28 গৰাকী বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মীৰ যোগদান - বিপিএফত যোগদান 28 গৰাকী বিভিন্ন ৰাজনৈতিক কৰ্মীৰ

বিটিচিত নিৰ্বাচনী বতাহ ৷ বাক্সাৰ জালাহত বিপিএফ দলৰ কৰ্মী সভা ৷ সোমবাৰে বিপিএফত যোগদান বিভিন্ন ৰাজনৈতিক দলৰ 28 গৰাকী কৰ্মীৰ ৷

BPF Meeting : 28 others party workers join BPF
BPF Meeting : 28 others party workers join BPF

By

Published : Jun 30, 2020, 4:37 AM IST

বৰমা, 29 জুন: বাক্সা জিলাৰ জালাহত সোমবাৰে অনুষ্ঠিত বিপিএফ দলৰ কৰ্মী সভাত বিভিন্ন দলৰ পৰা অহা মুঠ 28 গৰাকী কৰ্মীয়ে বিপিএফ দলত যোগদান কৰে ৷ 22 নং ককলাবাৰী পৰিষদীয় সমষ্টিৰ বিপিএফৰ সমৰ্থিত প্ৰাৰ্থী ধীৰেণ বড়োই অংশ গ্ৰহণ কৰা সভাত বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি কয়,‘‘এনডিএফবি (সংবিজিত), গণ সুৰক্ষা পাৰ্টি আদিৰ পৰা দলীয় নেতা কৰ্মীসকলে আহি সোমবাৰে বিপিএফ ৰাজনৈতিক দলত যোগদান কৰাৰ কথাই দলৰ শক্তিশালী ৰূপটোকেই প্ৰতিফলিত কৰিছে ।’’

এইবাৰ 22 নং ককলাবাৰী জনজাতীয় পৰিষদীয় সমষ্টিৰ পৰা আমাৰ বিপিএফ দলৰ সমৰ্থিত প্ৰাৰ্থী ধীৰেণ বড়োই নিশ্চিত ভাবে জয়লাভ কৰিব বুলি উল্লেখ কৰে । বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলৰ কোনো গৰাখহনীয়া হোৱা নাই বুলি দাবী কৰি পুনৰ কয়, ‘‘দলৰ দুই এজন সুবিধাবাদী নেতা কৰ্মীয়ে দল ত্যাগ কৰিলে আৰু যদি দললৈ এশগৰাকী নেতা কৰ্মী আহি যায় এইটোৱে গৰাখহনীয়া নুবুজায় ।’’

বিপিএফত 28 গৰাকী বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মীৰ যোগদান

প্ৰাৰ্থী ধীৰেণ বড়োৱে কয় যে, 22 নং কোকলাবাৰী পৰিষদীয় সমষ্টিত বিপিএফ দলেই এইবাৰ বিজয়ী হ’ব ৷ প্ৰাক্তন এনডিএফবি কেদাৰ সকলক পুণৰ সংস্থাপনৰ কাৰণে ইতিমধ্যে চৰকাৰৰ লগত কেইবালানী আলোচনা কৰিছে বুলিও জানিবলৈ দিয়ে ৷ চিৰাং, ওদালগুৰি জিলাত অৱৈধ অস্ত্ৰ উদ্ধাৰৰ ক্ষেত্ৰত তেওঁ কয় যে, এনডিএফবিয়ে ইতিমধ্যে চৰকাৰৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰিছে ৷ অসমত এতিয়াও বহু সশস্ত্ৰ সংগ্ৰাম কৰা দল সংগঠন সক্ৰিয় হৈ আছে ৷

শালবাৰী প্ৰাইমাৰী ইউপিপিএল অৰ সভাপতি সম্বৰু স্বৰ্গীয়াৰীয়ে বিপিএফ দলত যোগদান কৰি কয় যে, বিপিএফ দলে বিটিএডিত উন্নয়ন কৰিছে ৷ বিটিএডিত উন্নয়নৰ কাৰণে আজি ৰাইজে বিপিএফ দলক আঁকোৱালি লৈছে ৷

লগতে চাওক-টিকটকসহ ভাৰতত নিষিদ্ধ ঘোষণা 59টা চীনা এপ

ABOUT THE AUTHOR

...view details