বিটিএডিৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠীক একত্ৰিত হোৱাৰ আহ্বান প্ৰমিলা ৰাণী ব্ৰহ্মৰ - UG Brahma
বিটিএডিৰ বৃহত্তৰ স্বাৰ্থত সকলো বড়ো-অবড়ো দল-সংগঠনক একগোট হোৱাৰ আহ্বান বিপিএফ নেত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ ৷ প্ৰয়োজন সাপেক্ষে ইউ পি পি এলৰ সৈতে মিত্ৰতাৰ স্বাৰ্থত ৰাজ্যসভাত দুখন আসন বিচৰাৰ কথা ব্যক্ত কৰে নেত্ৰীগৰাকীয়ে ৷
বাক্সা, 14 চেপ্তেম্বৰঃশনিবাৰে বিপিএফ দলৰ নেত্ৰী তথা অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই বাক্সাৰ বাগানপাৰাৰ এখনি ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ৷ নেত্ৰীগৰাকীয়ে প্ৰয়োজন সাপেক্ষে ৰাজ্যসভাত দুখন আসন বিচৰাৰ কথা উল্লেখ কৰে ৷ আগন্তক বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ইউ পি পি এলৰ সৈতে মিত্ৰতাৰ খাতিৰত ৰাজ্যসভাৰ আসনখন ইউ জি ব্ৰহ্মক এৰি দিয়া সন্দৰ্ভত মন্ত্ৰী ব্ৰহ্মই কয় যে বৰ্তমানৰ ৰাজ্যসভাৰ বিপিএফ সাংসদ বিশ্বজিৎ দৈমাৰীক বঞ্চিত কৰি ইউ জি ব্ৰহ্মক আসনখন এৰি দিয়া সন্দৰ্ভত কোনো দলীয় সিদ্ধান্ত এই পৰ্যন্ত লোৱা হোৱা নাই ৷ তেওঁ লগতে কয় যে যদিহে প্ৰয়োজন হয় তেন্তে বিশ্বজিৎ দৈমাৰী আৰু ইউ জি ব্ৰহ্মৰ বাবে ৰাজ্যসভাত দুখনকৈ আসন বিচৰাৰ কথা উল্লেখ কৰে নেত্ৰীগৰাকীয়ে ৷ ইফালে হাগ্ৰামাৰ সভাত মষ্ট ৱান্টেড এন ডি এফ বি নেতা ডিন্থিলাঙৰ উপস্থিতি সন্দৰ্ভতো স্থিতি স্পষ্ট কৰে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ স্থিতিক সমৰ্থন জনায় তেওঁ কয় যে সভালৈ এন ডি এফ বি নেতা ধীৰেণ বড়োকহে নিমন্ত্ৰণ জনোৱা হৈছিল ৷ কিন্তু তাত ধীৰেণ বড়োৰ সৈতেহে ডিন্থিলাঙ গৈছিল ৷ গতিকে ইয়াত হাগ্ৰামাৰ কোনো দোষ নাই বুলি মন্তব্য কৰে ৷ মন্ত্ৰীগৰাকীয়ে বিটিচি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিপিএফ দলে ইউ পি পি এল,এবছু ,এন ডি এফ বিৰ সৈতে শান্তিৰ স্বাৰ্থত আলোচনা কৰা বুলি জানিবলৈ দিয়ে ৷