অসম

assam

BPF Meets at Baksa: প্ৰমোদ হটাও, বিটিচি বচাও ! হাগ্ৰামাৰ হুংকাৰ

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 7:46 PM IST

‘‘প্ৰমোদ বড়োৰ নেতৃত্বত পৰিৱৰ্তন নহ’ল ৷ ফুটুকাৰ ফেনত পৰিণত ‘পৰিৱৰ্তন’ ৷ মই ৰাষ্ট্ৰীয় ৰাজনীতিৰ লগত জড়িত নহয় ৷ লক্ষ্য প্ৰমোদ হটাও, বিটিচি বচাও ৷’’ এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ ৷

BPF Meets at Baksa
লক্ষ্য প্ৰমোদ হটাও, বিটিচি বচাও

লক্ষ্য প্ৰমোদ হটাও, বিটিচি বচাও

বাক্সা, 7 অক্টোবৰ:আগন্তুত লোকসভা নিৰ্বাচনক লৈ তৎপৰ বিপিএফ ৷ তুংগত উঠিছে দল ত্যাগ আৰু যোগদানৰ ৰাজনীতি ৷ বিশেষকৈ বিটিচিত ধুমুহাৰ গতিৰে চলিছে নিৰ্বাচনী প্ৰচাৰ আৰু যোগদানৰ কাৰ্যসূচী ৷ শনিবাৰে বাক্সা জিলাৰ মুছলপুৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মেদাঘাটত অনুষ্ঠিত হয় বিপিএফৰ এখন দলীয় সভা ৷

উক্ত সভাতে শ-শ লোকে বিপিএফত যোগদান কৰে ৷ সভাত অংশগ্ৰহণ কৰি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয়, ‘‘প্ৰমোদ বড়োৰ নেতৃত্বত এক পৰিৱৰ্তন আহিব বুলি ধাৰণা কৰা হৈছিল ৷ কিন্তু সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে ৷ সেয়ে ইউ পি পি এল আৰু বিজেপি ত্যাগ কৰি বিপিএফত যোগদান কৰিছে বহু নেতাই ৷ এয়া আমাৰ বাবে শুভ লক্ষণ ৷’’

আনহাতে মিত্ৰজোঁটৰ সন্দৰ্ভত হাগ্ৰামাই কয়, ‘‘মই এতিয়া ৰাজ্যিক বা ৰাষ্ট্ৰীয় ৰাজনীতিৰ লগত জড়িত নহয় ৷ মোৰ লক্ষ্য বিটিচি উদ্ধাৰ কৰা ৷ প্ৰমোদ বড়ো হটাও, বিটিচি বচাও অভিযানতহে আছো মই ৷ বৰ্তমান বিটিচি পৰিষদৰ কামকাজ এবছুৰ কাৰ্যালয়ৰ পৰা চলি আছে ৷ বড়ো জাতিটোক প্ৰমোদ বড়োৱে ধ্বংসৰ দিশে নিছে ৷’’

ইফালে বহু চৰ্চিত ‘অমৃত কলহ যাত্ৰা’ কাৰ্যসূচী বিটিচিৰ ৰাজনীতিৰ লগত জৰিত নহয় বুলি মন্তব্য কৰে মহিলাৰীয়ে ৷ শেহতীয়াকৈ বিটিচিত বিপিএফ দলৰ প্ৰতি ৰাইজ আকৃষ্ট হোৱা বুলি মন্তব্য কৰে হাগ্ৰামাই ৷ বিপিএফৰ আজিৰ সভাত ইউ পি পি এল, বিজেপি, জিএছপিকে ধৰি প্ৰায় 700 লোকে আনুষ্ঠানিক ভাৱে বিপিএফ দলত যোগদান কৰে ৷ উক্ত সভাত বিপিএফ দলৰ সম্পাদক মনেশ্বৰ ব্ৰহ্ম, প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী, খাম্পা বৰগয়াৰীৰ লগতে বিভিন্ন উপ-সমিতিৰ বিষয়ববীয়াৰ লগতে সহস্ৰাধিক লোক উপস্থিত থাকে ৷

লগতে পঢ়ক:Hagrama slams Pramod Boro: অকলেই লোকসভা নিৰ্বাচনত যুঁজিব হাগ্ৰামা বাহিনীয়ে

ABOUT THE AUTHOR

...view details