অসম

assam

বিভিন্ন দলৰ অৰ্ধ শতাধিকতকৈ অধিকে যোগদান কৰিলে বিপিএফত

By

Published : Feb 16, 2020, 9:31 PM IST

তামুলপুৰৰ গৈয়াবাৰী ব্লক বিপিএফৰ কাৰ্যালয়ত অনুষ্ঠিত হয় বিপিএফত যোগদান কাৰ্যসূচী ৷ প্ৰমোদ বড়ো সম্পৰ্কে সাংসদ গৰাকীয়ে কয় যে তেওঁ বৰ্তমান কোনো ৰাজনৈতিক দলত নাই ৷ এবছু সভাপতি পদৰ পৰা অব্যাহতি লৈ কোন দলত যাব এতিয়ালৈ তেওঁ স্পষ্ট কৰা নাই । তেওঁ বিপিএফ দলত যোগদান কৰাৰ সম্ভাৱনা আছে বুলিও তাপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদগৰাকীয়ে ।

BPF joinning celebration at Baksa
বিপিএফত যোগদান বিভিন্ন দলৰ অৰ্ধ শতাধিকতকৈ অধিকৰ

বাক্সা, 16 ফেব্ৰুৱাৰীঃ দেওবাৰে বাক্সাৰ তামুলপুৰত অনুষ্ঠিত হয় বিপিএফত যোগদান কাৰ্যসূচী ৷ তামুলপুৰৰ গৈয়াবাৰী ব্লক বিপিএফৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী ৷ তামুলপুৰ জিলা বিপিএফৰ সভাপতি আদিত্য সিংহাই পৰিচালনা কৰা এই সভাত উপস্থিত থাকে মন্ত্ৰী ৰিহণ দৈমাৰী, সাংসদ বিশ্বজিৎ দৈমাৰী, স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য বিজিৎ গোৰা নাৰ্জাৰী তথা এমচিএল গনেশ কছাৰীকে আদি কৰি বহু বিশিষ্ট লোক ৷

বিপিএফত যোগদান বিভিন্ন দলৰ অৰ্ধ শতাধিকতকৈ অধিক লোকৰ

এই সভাত সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কয় যে বৰ্তমান বিটিচি চৰকাৰত 16 গৰাকী কাৰ্যবাহী সদস্য আছে । আনহাতে চৰকাৰ গঠনৰ কৰিবলৈ 21 গৰাকী এমচিএলৰ প্ৰয়োজন গতিকে বিপিএফ দলৰ 16 গৰাকীয়ে জয়লাভ কৰিলে বাকী 5 গৰাকীক অন্য দলৰ পৰা কাৰ্যবাহী সদস্য হ’লেও গঠন কৰিব পৰা যাব । ইয়াৰোপৰি প্ৰমোদ বড়ো সম্পৰ্কে সাংসদ গৰাকীয়ে কয় যে তেওঁ বৰ্তমান কোনো ৰাজনৈতিক দলত নাই ৷ এবছু সভাপতি পদৰ পৰা অব্যাহতি লৈ কোন দলত যাব এতিয়ালৈ তেওঁ স্পষ্ট কৰা নাই । তেওঁ বিপিএফ দলত যোগদান কৰাৰ সম্ভাৱনা আছে বুলিও তাপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদগৰাকীয়ে । উল্লেখ্য যে এই সভাত বিভিন্ন দল সংগঠনৰ পৰা 65 গৰাকী লোকে বিপিএফত যোগদান কৰে ।

আৰু পঢ়কঃFILMFARE অনুষ্ঠানত কোনে অপদস্থ কৰিলে সাংসদ বিশ্বজিৎ দৈমাৰীক !

ABOUT THE AUTHOR

...view details