অসম

assam

By

Published : Sep 23, 2020, 10:59 PM IST

ETV Bharat / state

বিটিচি নিৰ্বাচনৰ সন্মুখীন হ’বলৈ ভয় কৰিছে বিপিএফেঃ প্ৰমোদ বড়ো

বিপিএফে আগন্তুক পৰিষদীয় নিৰ্বাচনলৈ ভয় কৰিছে ৷ দলটো সম্প্ৰতি অতি দুৰ্বল হৈ পৰাৰ বাবেই নিৰ্বাচন পিছুৱাই থকা বুলি মন্তব্য কৰে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ৷

BPF is scared to face BTC council election: Promod Bodo
বিটিচি নিৰ্বাচনৰ সন্মুখিন কৰিবলৈ ভয় কৰিছে বিপিএফেঃ প্ৰমোদ বড়ো

বাক্সা, 23 ছেপ্তেম্বৰঃ বুধবাৰে বাক্সা জিলাৰ মুছলপুৰৰ ২৩ নং দিহিৰা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী জগদীশ ৰামচিয়াৰীৰ বাসগৃহত উপস্থিত হয় ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো ৷ প্ৰাৰ্থীগৰাকীৰ বাসগৃহত উপস্থিত হৈয়ে বিপিএফৰ বিৰুদ্ধে সৰৱ হৈ পৰে নেতাগৰাকী ৷ বিপিএফে আগন্তুক পৰিষদীয় নিৰ্বাচনলৈ ভয় কৰিছে ৷ দলটো সম্প্ৰতি অতি দুৰ্বল হৈ পৰাৰ বাবেই নিৰ্বাচন পিছুৱাই থকা বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷ ইয়াৰ উপৰিও এমাহৰ ভিতৰতে বিটিআৰ চুক্তিৰ দফাসমূহ ৰূপায়ন কৰিব লাগে বুলি দাবী উত্থাপন কৰা বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰে ইউপিপিএলৰ সভাপতি গৰাকীয়ে ৷

বিটিচি নিৰ্বাচনৰ সন্মুখিন কৰিবলৈ ভয় কৰিছে বিপিএফেঃ প্ৰমোদ বড়ো

ABOUT THE AUTHOR

...view details