বাক্সা, 6 অক্টোবৰ: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা ৷ বিভিন্ন ধৰণে ক্ষমতা প্ৰদৰ্শনৰ যুঁজত নামিছে শাসক-বিৰোধী বিভিন্ন ৰাজনৈতিক সমূহ ৷ একাংশ নেতা-কৰ্মীয়ে এটা দল এৰি আন দলত যোগ দিয়াৰ প্ৰক্ৰিয়াবোৰো চলিবলৈ ধৰিছে ৷ অসমতো ৰাজনৈতিক ক্ষেত্ৰখনত তৎপৰতা বৃদ্ধি পোৱা দেখা গৈছে ৷
শুকুৰবাৰে বাক্সা জিলাৰ বাগানপাৰাত বিপিএফ দলে আয়জন কৰে এখন যোগদান সভা ৷ উক্ত সভাত উপস্থিত থাকি দলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিটিচি প্ৰধান প্ৰমোদ বড়োক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷
বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী মহিলাৰীয়ে কয় যে বৰ্তমানৰ বিটিচি প্ৰধান প্ৰমোদ বড়োৱে বিটিআৰৰ উন্নয়নৰ নামত কেলেংকাৰী সংঘটিত কৰিছে ৷ প্ৰতিটো বিভাগতে কেলেংকাৰী সংঘটিত হোৱা বুলি দাবী কৰে মহিলাৰীয়ে ৷ তেওঁ কয় যে প্ৰমোদ বড়োৱে কেৱল খাবহে জানে কাম কৰিব নাজানে ৷ যোৱা তিনিটা বছৰে বিটিআৰত প্ৰমোদ বড়োৱে একো কামেই নকৰিলে বুলি উল্লেখ কৰি চৰকাৰী ধন খৰচৰ হিচাপো তেওঁ দাখিল কৰিব পাৰে বুলি অভিযোগ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷