অসম

assam

ETV Bharat / state

Lok Sabha Election 2024: অক্টোবৰত BPFয়ে ঘোষণা কৰিব কোকৰাঝাৰ আৰু ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থীৰ নাম - BTR politics

2024 ৰ লোকসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দিতা কৰি বিপিএফয়ে ৷ এই দাবী হাগ্ৰামা মহিলাৰীৰ ৷ ওদালগুৰি আৰু কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম অক্টোবৰ মাহত ঘোষণা কৰিব হাগ্ৰামাই ৷ ৰঞ্জন দৈমাৰীকো সকলো গোচৰ প্ৰত্যাহাৰ কৰি মুকলি কৰি দিব লাগে বুলিও মন্তব্য হাগ্ৰামাৰ ৷

Lok Sabha Election 2024
অক্টোবৰত BPFয়ে ঘোষণা কৰিব কোকৰাঝাৰ আৰু ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থীৰ নাম

By

Published : Feb 23, 2023, 12:07 PM IST

অক্টোবৰত BPFয়ে ঘোষণা কৰিব কোকৰাঝাৰ আৰু ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থীৰ নাম

বাক্সা, 23 ফেব্ৰুৱাৰী: বিৰোধী ৰাজনৈতিক দল সন্দৰ্ভত কোনো মন্তব্য প্ৰদান নকৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ বিৰোধীৰ নাম ল’লেই হাগ্ৰামা যাব লাগিব জে’ললৈ ৷ সংবাদমাধ্যৰ আগত নিজেই এই কথা উল্লেখ কৰিলে হাগ্ৰামা মহিলাৰীয়ে ৷ নিৰ্বাচনী প্ৰচাৰ সভাতো কোনো বিৰোধী ৰাজনৈতিক দলৰ নেতাৰ নাম নলয় হাগ্ৰামাই (Lok Sabha election 2024) ৷

2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যেই আৰম্ভ হৈছে প্ৰচাৰ অভিযান ৷ তেনে সময়তে জমি উঠিছে বড়োভূমিৰ ৰাজনৈতি প্ৰেক্ষাপটত ৷ শেহতীয়াকৈ পুনৰ আৰম্ভ হৈছে UPPL প্ৰধান প্ৰমোদ বড়ো আৰু BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ বাকযুদ্ধ ৷ হাগ্ৰামা মহিলাৰীৰ কাৰ্যকালত সংঘটিত হোৱা দুৰ্নীতিৰো ফাইল খুলিছে প্ৰমোদ বড়োৱে (BTR Chief Pramod Boro) ৷

UPPL আৰু BPF ৰ মাজত চলি থকা এই ৰাজনৈতিক সংঘাতৰ পূৰ্ণ সুবিধা গ্ৰহণৰ প্ৰচেষ্টা চলাই আছে বিজেপিয়ে ৷ বড়োভূমিৰ লোকসভা সমষ্টিৰ আসন দখলৰ বাবে মিত্ৰদল UPPLৰ লগতে BPFক সাঙুৰি লোৱাৰ চেষ্টা বিজেপিৰ ৷ ৰাজ্যিক বিজেপিৰ সভাৱতি ভৱেশ কলিতাই খোদ সদৰী কৰিছে এই কথা (Political scenario of BTR) ৷

কিন্তু এই ক্ষেত্ৰত নিজৰ স্থিতি এতিয়ালৈকে স্পষ্ট কৰা নাই হাগ্ৰামা মহিলাৰীয়ে (Hagrama Mohilary) ৷ সংবাদমাধ্যমৰ আগত কোনো ৰাজনৈতিক দলৰ কথা ক’ব নোৱাৰে বুলি উল্লেখ কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে, 2024ৰ লোকভা নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নকৰি অকলেই প্ৰতিদ্বন্দিতা কৰিব বিপিএফয়ে ৷

উল্লেখ্য যে, হাগ্ৰামা মহিলাৰীয়ে মঙলদৈ আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফয়ে জয়লাভ কৰিব বুলি প্ৰৱল আত্মবিশ্বাসী হৈ দাবী কৰি আহিছে ৷ কিন্তু এইবাৰ ওদালগুৰি সমষ্টিতো নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা ঘোষণা কৰিছে হাগ্ৰামাই ৷ কোকৰাঝাৰ আৰু ওদালগুৰী সমষ্টিৰ প্ৰাৰ্থীৰ নাম অক্টোবৰ মাহত ঘোষণা কৰা হ’ব বুলি মন্তব্য হাগ্ৰামাৰ ৷ ওদালগুৰি সমষ্টিত বিপিএফ শক্তিশালী হোৱা বুলিও উল্লেখ কৰে হাগ্ৰামাই (BTR politics) ৷

ইফালে, শিলিগুৰিত হাগ্ৰামা মহিলাৰীয়ে পলাই থকা বুলি প্ৰমোদ বড়োৱে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাগ্ৰামাই কয় যে, পশ্চিমবংগ আৰু নেপালত ফুৰিবলৈহে গৈছিলোঁ ৷ কিন্তু কিছুদিন পূৰ্বে সংবাদমাধ্যৰ আগত শিলিগুৰিত পলাই থকা বুলি নিজেই উল্লেখ কৰিছিল হাগ্ৰামা মহিলাৰীয়ে ৷

সেয়া যি কি নহওক, 2024 ৰ লোকসভা নিৰ্বাচনত হাগ্ৰামাই অকলেই শক্তি নিজৰ প্ৰদৰ্শন কৰিব পাৰিবনে, নে মিত্ৰজোঁটৰ অংশীদাৰ হৈ নিজৰ অস্তিত্ব ৰক্ষা কৰাৰ প্ৰচেষ্টা চলাব সেয়া সময়তহে হ’ব লক্ষ্যণীয় ৷

ইফালে, ধাৰাবাহিৰ বোমা বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰীৰ সকলো গোচৰ প্ৰত্যাহাৰ কৰি মুকলি কৰি দিব লাগে বুলিও মন্তব্য হাগ্ৰামাৰ ৷

লগতে পঢ়ক:Lok Sabha Election 2024: 2024 ৰ লোকসভা নিৰ্বাচনত কাৰ কাৰ হ’ব মিত্ৰতা ?

ABOUT THE AUTHOR

...view details