অসম

assam

ETV Bharat / state

নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিপিএফ প্ৰাৰ্থীৰ বিজেপিত যোগদান - তামুলপুৰ বিধানসভা

সমষ্টিটোৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে ৰামদাস বসুমতাৰী বিপিএফ দল ত্যাগ কৰি বিজেপিত যোগ দান কৰা বুলি মন্তব্য কৰে ৷ বিধায়ক গৰাকীয়ে জানিব দিয়া মতে, সমষ্টিটোৰ কেইবাগৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাসী প্ৰত্যাখ্যান কৰি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে দলীয় টিকট দিছিল ৰামদাস বসুমতাৰীক ৷ কিন্তু দলৰ শীৰ্ষ নেতৃত্বৰ পৰা পোৱা আচৰণৰ কাৰণে তেওঁ দল ত্যাগ কৰা বুলি মন্তব্য কৰে তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা বিজেপি নেতা ইমানুৱেল মুছাহাৰীয়ে ৷

নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিপিএফ প্ৰাৰ্থীৰ বিজেপিত যোগদান
নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিপিএফ প্ৰাৰ্থীৰ বিজেপিত যোগদান

By

Published : Apr 3, 2021, 10:27 PM IST

বাক্সা ৩ এপ্ৰিলঃবাক্সাৰ ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী ৰামদাস বসুমতাৰী ওৰফে ৰঞ্জা খুংগুৰ বসুমতাৰী ৷ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত দলত্যাগ কৰাত নিৰ্বাচনী আয়োগৰ প্ৰশ্নৰ সন্মুখীন হয় বিপিএফৰ প্ৰাৰ্থী ৰামদাস বসুমতাৰী ৷ বাক্সা জিলা উপায়ুক্ত কাৰ্যালয়ত ভিডিঅ কনফাৰেঞ্চ যোগে নিৰ্বাচনী আয়োগৰ প্ৰশ্নৰ মুখামুখি হয় ৰামদাস বসুমতাৰী ৷

তাৰ পাচেত তেওঁ সাংবাদিকৰ মাজৰ পৰা কোনো প্ৰশ্নৰ উত্তৰ নিদি একপ্ৰকাৰ পলায়ন কৰে ৷ কিছু সময়ৰ পিছতে সমষ্টিটোৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে ৰামদাস বসুমতাৰী বিপিএফ দল ত্যাগ কৰি বিজেপিত যোগ দান কৰা বুলি মন্তব্য কৰে ৷ বিধায়ক গৰাকীয়ে জানিব দিয়া মতে, সমষ্টিটোৰ কেইবাগৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাসী প্ৰত্যাখ্যান কৰি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে দলীয় টিকট দিছিল ৰামদাস বসুমতাৰীক ৷ কিন্তু দলৰ শীৰ্ষ নেতৃত্বৰ পৰা পোৱা আচৰণৰ কাৰণে তেওঁ দল ত্যাগ কৰা বুলি মন্তব্য কৰে তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা বিজেপি নেতা ইমানুৱেল মুছাহাৰীয়ে ৷

নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিপিএফ প্ৰাৰ্থীৰ বিজেপিত যোগদান

বিপিএফ দলৰ একাংশ নেতৃত্বই টিকট লাভৰ আশাত ৰামদাস বসুমতাৰীক আৰ্থীক ভাৱে টনকিয়াল বুলি কৈছিল আৰু সেইমতে দলৰ পৰা টিকট লাভ কৰিছিল ৰামদাস বসুমতাৰীয়ে ৷ কিন্তু আৰ্থীক ভাৱে দুৰ্বল ৰামদাস বসুমতাৰীক সহায়ৰ হাত আগবঢ়োৱা নাছিল বিপিএফ দলৰ শীৰ্ষ নেতৃত্বই ৷ যাৰ কাৰণে তেওঁ নিৰ্বাচনৰ আগমূহুৰ্তত বিপিএফ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিবলৈ বাধ্য হল বুলি মন্তব্য কৰে ইমানুৱেল মুছাহাৰীয়ে ৷

লগতে পঢ়কঃ অজিত কুমাৰ ভূঞাক অসমীয়া হিচাপে পৰিচয় দিয়াত ঘিন লাগে: দিলীপ শইকীয়া

ABOUT THE AUTHOR

...view details