বাক্সা,21 জুলাই:বিটিচিত দুৰ্নীতি সংঘটিত কৰিছে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ৷ বিটিচিত ইমান বছৰে সম্পন্ন হোৱা কাম-কাজৰ পৰা লাভ কৰা কমিচনেৰে এই দুৰ্নীতি কৰিছে প্ৰমোদে ৷ যদি বিটিচিত দুৰ্নীতিৰ তদন্ত হয় তেন্তে প্ৰমোদ বড়োকো তদন্তৰ আওতালৈ আনিব লাগে বুলি কঠোৰ সমালোচনা কৰে বিপিএফ নেতা তথা প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰীয়ে ৷ বিজেপিৰ এগৰাকী এজেণ্ট হিচাপে কাম কৰা প্ৰমোদৰ ভূমিকাক ৰাইজে বুজি পোৱাৰ পিছত সস্তীয়া প্ৰচাৰেৰে ৰাজনীতিত নমাৰ কথাও ৰাইজে বুজি পাইছে বুলি বসুমতাৰীয়ে কটাক্ষ কৰে ৰাজনৈতিক দল ইউপিপিএল-ৰ সভাপতি বড়োক ৷
বিটিচিৰ কামৰ কমিচন লাভেৰে দুৰ্নীতি কৰিছে প্ৰমোদে: চণ্ডী বসুমতাৰী - BPF
বাক্সাৰ নাগ্ৰীজুলিত বৰনদীৰ নৱনিৰ্মিত আইলেণ্ডৰ পৰা প্ৰমোদ বড়োক তীব্ৰ সমালোচনা বিপিএফ নেতা তথা প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰীৰ ৷ প্ৰাক্তন বিধায়ক গৰাকীয়ে ইউপিপিএল দলৰ সভাপতিগৰাকীক তীব্ৰ বাক্যবাণেৰে কটাক্ষ কৰি থকা সৰকা কৰে ৷
ইউপিপিএলৰ বিৰুদ্ধে বিপিএফ নেতাৰ ক্ষোভ
আনহাতে,বিপিএফৰ কামৰ শলাগ লৈ হাগ্ৰামা মহিলাৰীয়ে বিটিচিত শূণ্যৰ পৰা কাম কৰাৰ লগতে হাগ্ৰামাৰ দিনতে প্ৰায় ৭০ শতাংশ কাম সম্পূৰ্ণ হোৱা বুলি বসুমতাৰীয়ে ঘোষণা কৰে ৷ বাকী আধৰুৱা ৩০ শতাংশ কাম কৰাৰ শীঘ্ৰে সম্পন্ন হোৱাৰ আশা প্ৰকাশ কৰি বিটিচিত উন্নয়ন নোহোৱাৰ কথা কৈ কথাৰ ফুলজাৰি মৰা ব্যক্তিসকলক "পাৱাৰী চশমা"পিন্ধি উন্নয়ন চাবলৈ প্ৰত্যাহ্বান জনায় প্ৰাক্তন বিপিএফৰ বিধায়কগৰাকীয়ে ৷