বৰমা,6 মাৰ্চঃসম্প্ৰতি ঘোষণা হোৱা নাই বিটিআৰ নিৰ্বাচনৰ দিন ৷ কিন্তু বিটিএডি অঞ্চলসমূহত ইতিমধ্য প্ৰতিটো ৰাজনৈতিক দলেই আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ অন্যান্য দলসমূহৰ লগতে নিৰ্বাচনী প্ৰচাৰৰ বাবে তৎপৰ হৈ উঠিছে বিপিএফ দল ৷ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীৰ অংশ স্বৰূপে শুকুৰবাৰে বিপিএফ দলে বাক্সা জিলাৰ অন্তৰ্গত ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তথা বিটিচিৰ বৰ্তমানৰ কাৰ্যবাহী সদস্য অনচুমৈ খুংগুৰ বড়োৰ নেতৃত্বত বাইক ৰেলী উলিয়ায় ৷ প্ৰায় সহস্ৰাধিক বাইকেৰে বিপিএফৰ কৰ্মী সকলে সমষ্টিটোত এক সজাগতা অনাৰ চেষ্টা চলায় ৷
বাক্সাত বিপিএফ ৰ বাইক ৰেলী - প্ৰমোদ বড়োৱে প্ৰলোভনৰ ৰাজনীতি কৰিছে
অইন দল সমূহৰ লগতে বিটিএডি অঞ্চলসমূহত নিৰ্বাচনী প্ৰচাৰৰ বাবে তৎপৰ হৈ উঠিছে বিপিএফ দল ৷ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীৰ অংশস্বৰূপে শুকুৰবাৰে বিপিএফ দলে বাক্সা জিলাৰ অন্তৰ্গত ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তথা বিটিচিৰ বৰ্তমানৰ কাৰ্যবাহী সদস্য অনচুমৈ খুংগুৰ বড়োৰ নেতৃত্বত বাইক ৰেলী উলিয়ায় ৷
বাক্সাত বিপিএফ ৰ বাইক ৰেলী
উল্লেখ্য যে, ইয়াৰ পূৰ্বে সমষ্টিটোৰ বিপিএফৰ প্ৰক্ষেপিত প্ৰাৰ্থী অনচুমৈ খুংগুৰ বড়োৱে এক সংবাদমেলৰ আয়োজন কৰে ৷ উক্ত সংবাদমেলত তেখতে কয় যে, এইবেলিও বিপিএফ দলে বিটিচি পৰিষদ দখল কৰিবলৈ সক্ষম হ’ব ৷ ইয়াৰ উপৰিও তেখেতে প্ৰমোদ বড়োৱে প্ৰলোভনৰ ৰাজনীতি কৰা বুলি উক্ত সংবাদমেলত অভিযোগ উত্থাপন কৰে ৷
লগতে পঢ়ক-কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচাৰ্য ড৹ কন্দৰ্প দাস