জেচিবিৰে নদীক ৰুধিবলৈ চেষ্টা ! - বাক্সা
বাক্সাৰ বৰবিলাত জেচিবিৰে পাগলদিয়া নদীৰ গতি পথ পৰিবৰ্তনৰ প্ৰচেষ্টা ৷ পাগলাদিয়াৰ মাজত নামি বাঁহৰ গছ দি নদীটোৰ গতিপথ সলনি কৰাৰ প্ৰচেষ্টা শ শ ৰাইজৰ ৷
![জেচিবিৰে নদীক ৰুধিবলৈ চেষ্টা !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4039030-thumbnail-3x2-pagladiya.jpg)
বাক্সা, 4 আগষ্ট : বাক্সাৰ বৰবিলাত জেচিবিৰে পাগলাদিয়া নদীৰ গতিপথ পৰিবৰ্তনৰ প্ৰচেষ্টা ৷ বানৰ পিচতে খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছিল বাক্সাৰ জিলাৰ বিভিন্ন প্ৰান্তত । জিলাখনৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বৰবিলাত বিগত সময়চোৱাত বানৰ পিচতে খহনীয়াত জাহ গৈছিল প্ৰায় ৩৫ টা পৰিয়ালৰ ঘৰ বাৰী ৷ সেয়ে বৰবিলাৰ ৰাইজে নিজেই দান বৰঙণি তুলি লগতে অসম ৰাজ্যিক জমিয়ত উমেলা হিন্দৰ সভাপতি হজৰত মৌলানা মুচতাকে আগবঢ়োৱা সাহাৰ্যৰে ৰাইজে জেচিবি আৰু বাঁহ গছ লৈ উপস্থিত হয় পাগলাদিয়া নদীৰ পাৰত । দেওবাৰে দুপৰীয়া খহনীয়া ৰোধৰ বাবে পাগলাদিয়া নদীৰ পাৰত সমাবেত হয় শ শ লোক ৷ পাগলাদিয়াৰ মাজত শ শ ৰাইজে নামি বাঁহৰ গছ দি নদীটোৰ গতি পথ সলনি কৰাৰ প্ৰচেষ্টা কৰা পৰিলক্ষিত হয় ৷ উল্লেখ্য যে, পাগলাদিয়া নদীখনৰ গতি পথ সলনি কৰা মূহুৰ্তত ৰাইজৰ সহায়ৰ বাবে উপস্থিত থাকে বিটিচিৰ গৈয়বাৰী পৰিষদীয় সমষ্টিৰ কাৰ্য্যবাহী সদস্য দেবেন বড়ো আৰু স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী ৷