বাক্সা,8 ফেব্ৰুৱাৰী:বাক্সা জিলাৰ বৰমা প্ৰেছ ক্লাৱত দেওবাৰে উন্মোচন কৰা হয় দুখনকৈ গ্ৰন্থ ৷ এই গ্ৰন্থ উন্মোচনী সভাত সাভাপতিত্ব কৰে বাক্সা প্ৰেছ ক্লাৱৰ সভাপতি আলকাচ আলিয়ে ৷
গণেশ্বৰ দেৱ শৰ্মাৰ দ্বাৰা ৰচিত "যেন এটা মনোৰম গান" (কবিতা সংকলন) আৰু "পহৰা - চকীৰ সংলাপ আৰু অন্যান্য"( একাংকিকা নাট আৰু চৰিত্ৰাভিনয় - সংকলন) এই দুখন গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা আৰু বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেওবাৰ ৰামছিয়াৰীয়ে ৷