অসম

assam

ETV Bharat / state

বাক্সাত গ্ৰন্থৰ সুবাস

বিক্ৰীৰ পৰিমাণ হ্ৰাস হোৱাত হতাশ গ্ৰন্থ বিক্ৰেতা ৷ ইণ্টাৰনেটত সকলো উপলৱদ্ধ হোৱাৰ বাবে পাঠকৰ সংখ্যা কম হোৱা বুলি মন্তব্য একাংশ বিক্ৰেতাৰ ৷

বাক্সাৰ তামুলপুৰত আকাশীৰ উদ্যোগত চতুৰ্দশ গ্ৰন্থমেলা

By

Published : Mar 29, 2019, 3:29 AM IST

Updated : Mar 29, 2019, 9:38 AM IST

বাক্সা, 29 মাৰ্চ: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ঘগ্ৰাচকৰ বাকৰিত আকাশীৰ উদ্যোগত 25 মাৰ্চৰে পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে চতুৰ্দশ গ্ৰন্থমেলা। গ্ৰন্থমেলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গ্ৰন্থ বিপণীসমূহে অংশগ্ৰহণ কৰিছে । গ্ৰন্থমেলাৰ বাকৰিত বৃহস্পতিবাৰে সন্ধিয়া কণ কণ শিশুসকলৰ মাজত বিভিন্ন ধৰণৰ নৃত্যপ্ৰতিযোগিতা অনুষ্ঠিত হয় ।

বাক্সাৰ তামুলপুৰত আকাশীৰ উদ্যোগত চতুৰ্দশ গ্ৰন্থমেলা
এইবাৰ গ্ৰন্থমেলাত প্ৰথমবাৰৰ বাবে তামুলপুৰৰ শিক্ষিত কেইবাগৰাকী যুৱকে তামুলপুৰীয়া নামেৰে এখন গ্ৰন্থ বিপণী মুকলি কৰিছে। তামুলপুৰীয়া বিপণীৰ বিক্ৰেতাসকলে জানিবলৈ দিয়া মতে সন্ধিয়া সময়ত গ্ৰাহকৰ যথেষ্ট ভিৰ হয় যদিও গ্ৰন্থ কিনিবলৈ অহা মানুহৰ সংখ্যা কম ৷ বৰ্তমান সকলো ইণ্টাৰনেটত উপলব্ধ হোৱাৰ বাবে গ্ৰন্থৰ বিক্ৰী হ্ৰাস পাইছে বুলি মন্তব্য কৰে বিক্ৰেতা সকলে৷
Last Updated : Mar 29, 2019, 9:38 AM IST

ABOUT THE AUTHOR

...view details