অসম

assam

By

Published : Oct 20, 2019, 4:41 PM IST

ETV Bharat / state

বাক্সাত উদ্ধাৰ 15 কিলোগ্ৰাম ওজনৰ বনৰৌ

বাক্সাৰ কুমাৰীকাটাত প্ৰায় ১৫ কিলো ওজনৰ এটা দুস্প্ৰাপ্য বনৰৌ উদ্ধাৰ কৰে এজন যুৱকে ৷ বনৰৌটো কুমাৰীকাটাৰ বন বিভাগৰ লোকে উদ্ধাৰ কৰি লৈ যায় কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়লৈ

বাক্সাত উদ্ধাৰ 15 কিলোগ্ৰাম ওজনৰ বনৰৌ

বাক্সা,20অক্টোবৰ : বাক্সা জিলাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ অধিনস্থ ভাৰত ভূটান সীমান্তৰ বিনোৱাপুৰ তিনিআলিত উদ্ধাৰ হয় এটা বনৰৌ ৷ বনৰৌটো শনিবাৰে নিশা অঞ্চলটোৰে এটা পৰিয়ালৰ পুখুৰীৰ পাৰত প্ৰত্যক্ষ কৰে এজন যুৱকে ৷ প্ৰায় 15 কিলোগ্ৰাম ওজনৰ বনৰৌটো যুৱকজনে প্ৰত্যক্ষ কৰাৰ পাছতেই জালেৰে মেৰিয়াই ধৰি ৰাখে ৷ দেওবাৰে পুৱা কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ত বনৰৌটোৰ উদ্ধাৰৰ কথা অৱগত কৰে যুৱকজনে ৷ ইয়াৰ পাছতেই বন বিভাগৰ লোক বিনোৱাপুৰ তিনিআলিত উপস্থিত হয় আৰু বনৰৌটো উদ্ধাৰ কৰি কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়লৈ লৈ যায় ৷ ইফালে, বনৰৌটো উদ্ধাৰৰ পাছতেই দুস্প্ৰাপ্য বনৰৌটো চাবলৈ ভীৰ কৰে অগণন লোকে ৷

বাক্সাত উদ্ধাৰ 15 কিলোগ্ৰাম ওজনৰ বনৰৌ

ABOUT THE AUTHOR

...view details