বাক্সা, 19 জুনঃশুকুৰবাৰে দুপৰীয়া বাক্সাৰ তামুলপুৰৰৰ ৰাজপথত দাওদাওকৈ জ্বলি উঠিল চীনৰ ৰাষ্ট্ৰপতিৰ প্ৰতিকৃতি আৰু পতাকা । আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দল ৰঙিয়া আৰু বাক্সা জিলা সমিতিয়ে চীনৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ ৰাজপথতে চীনৰ ৰাষ্ট্ৰপতিৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰীয়ে।
চীনৰ বিৰুদ্ধে প্ৰতিবাদত নামিল বজৰং দল - ৰাষ্ট্ৰীয় বজৰং দলৰ ৰঙিয়া
কেন্দ্ৰীয় চৰকাৰক চীনৰ বিৰুদ্ধে শীঘ্ৰে বিহিত ব্যৱস্থা লোৱাৰ আহ্বান জনাই আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ ৰঙিয়া আৰু বাক্সা জিলা সমিতিয়ে ৷ লগতে চীনা সামগ্ৰী বৰ্জন কৰক,জয় শ্ৰীৰাম,ভাৰতীয় সেনা জিন্দাবাদ,চীনৰ ৰাষ্ট্ৰপতি মুৰ্দাবাদ ধ্বনিৰে ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ মটঙা চক উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷
চীনৰ বিৰুদ্ধে বজৰং দলৰ প্ৰতিবাদ
লগচে পঢ়কঃৰঙা চীনক মুকলি প্ৰত্যাহ্বান প্ৰাক্তন ভাৰতীয় সেনানীৰ
কেন্দ্ৰীয় চৰকাৰক চীনৰ বিৰুদ্ধে শীঘ্ৰে বিহিত ব্যৱস্থা লোৱাৰ আহ্বান জনাই আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ ৰঙিয়া আৰু বাক্সা জিলা সমিতিয়ে ৷ লগতে চীনা সামগ্ৰী বৰ্জন কৰক,জয় শ্ৰীৰাম,ভাৰতীয় সেনা জিন্দাবাদ,চীনৰ ৰাষ্ট্ৰপতি মুৰ্দাবাদ ধ্বনিৰে ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ মটঙা চক উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ ইফালে প্ৰতিবাদকাৰীসকলে এক বজাৰ পৰা এঘন্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ আবদ্ধ কৰি ৰখাৰ ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হয় ৷