বাক্সা, 1 ফেব্ৰুৱাৰী :শিশুৰ সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্য দীৰ্ঘদিনৰ পৰা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে বডোলেণ্ড চিংগাৰ এশ্ব’চিয়েশ্বন নামৰ সংস্থাটোৱে ৷ ইতিমধ্যে কোকৰাঝাৰ,চিৰাং জিলাত যুৱক যুৱতীক কন্ঠস্বৰ পৰীক্ষা লোৱা হৈছে বুলি জনাইছে সংস্থাটোৱে ৷ সোমবাৰে বাক্সা জিলাৰ বৰমা ছোৱালী হাইস্কুলৰ প্ৰেক্ষাগৃহত কন্ঠস্বৰ পৰীক্ষা লোৱা হৈছে বুলি জনাইছে সংস্থাটোৰ সম্পাদক অনিল মুছাহাৰীয়ে ৷
বৰমাত বডোলেণ্ড চিংগাৰ এশ্ব’চিয়েশ্বনৰ প্ৰশংসনীয় পদক্ষেপ - Bodoland singer association took unique step
বডোলেণ্ড চিংগাৰ এশ্ব’চিয়েশ্বন নামৰ সংস্থাটোৰ প্ৰশংসনীয় পদক্ষেপ ৷ প্ৰতিভাশালী সকলক ৰাইজৰ মাজলৈ উলিয়াই অনাৰ বাবে বিশেষ চেষ্টা অব্যাহত ৰাখিছে সংস্থাটোৱে ৷
বৰমাত বডোলেণ্ড চিংগাৰ এচচিয়েচনৰ প্ৰশংসনীয় পদক্ষেপ
উল্লেখ্য যে,সংস্থাটোৱে সুপ্ত প্ৰতিভা থকা যুৱক যুৱতী সকলক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবলৈ প্ৰয়াস কৰি আহিছে ৷ জিলা খনৰ বিভিন্ন স্থানত ভিন্ন প্ৰকাৰৰ পদক্ষেপ গ্ৰহণ কৰি প্ৰকৃত প্ৰতিভা সমূহক ৰাইজৰ মাজলৈ উলিয়াই অনাৰ চেষ্টা অব্যাহত ৰাখিছে বডোলেণ্ড চিংগাৰ এশ্ব’চিয়েশ্বনে ৷
লগতে পঢ়কঃবাক্সাত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ