অসম

assam

ETV Bharat / state

বাক্সাত অনুষ্ঠিত হ'ব বড়োলেণ্ড কৃষক সমাৰোহ - বাক্সা জিলাত চলিছে প্ৰথম কৃষক সমাৰোহৰ প্ৰস্তুতি

বিটিচিৰ কৃষকসকলক উৎসাহিত কৰাৰ বাবে প্ৰথমবাৰৰ বাবে বিটিচি প্ৰশাসনে বৰমাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব প্ৰথম বড়োলেণ্ড কৃষক সমাৰোহ ৷ বিটিচিৰ শ্ৰেষ্ঠ কৃষকক পুৰস্কৃত কৰা হ’ব একোখনকৈ ট্ৰেক্টৰেৰে ৷

bodoland krisok samaroh will held in baksa district from 9th to 11th January
বাক্সা জিলাত চলিছে প্ৰথম কৃষক সমাৰোহৰ প্ৰস্তুতি

By

Published : Jan 5, 2020, 4:47 PM IST

বাক্সা জিলাত চলিছে প্ৰথম কৃষক সমাৰোহৰ প্ৰস্তুতি

বৰমা, ৫ জানুৱাৰীঃ প্ৰস্তুতি চলিছে প্ৰথম বড়োলেণ্ড কৃষক সমাৰোহৰ ৷ কৃষিপ্ৰধান জিলা বাক্সাত অনুষ্ঠিত হ’ব বড়োলেণ্ড কৃষক সমাৰোহ ৷ কৃষক সকলক উৎসাহিত কৰি কৃষিৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে এই সমাৰোহৰ আয়োজন কৰাৰ কথা সদৰি কৰে বি টি চিৰ কৃষি বিভাগৰ কাৰ্য্যবাহী সদস্য অনচুমৈ খুংগুৰ বড়োৱে ৷ দেওবাৰে জিলাখনৰ বৰমাত এক সংবাদমেল সম্বোধন কৰি কাৰ্যবাহী সদস্যজনে কয় যে, বিটিচিৰ কৃষকসকলক উৎসাহিত কৰাৰ বাবে প্ৰথমবাৰৰ বাবে বিটিচি প্ৰশাসনে বৰমাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব প্ৰথম বড়োলেণ্ড কৃষক সমাৰোহ ৷

9 জানুৱাৰীত অসম চৰকাৰৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই উদ্বোধন কৰিবলগীয়া সমাৰোহখনত মীন, ৰেচম, পশুপালনকে ধৰি কৃষিৰ লগত জড়িত প্ৰতিটো বিভাগে অংশগ্ৰহণ কৰিব ৷ বিটিচিৰ কাৰ্যবাহী সদস্যগৰাকীয়ে জানিবলৈ দিয়া মতে বিটিচিৰ কৃষকৰ দ্বাৰা উৎপাদিত সামগ্ৰী এই সমাৰোহত প্ৰদৰ্শন কৰা হব ৷ লগতে সমাৰোহত বিটিচিৰ শ্ৰেষ্ঠ কৃষকক একোখনকৈ ট্ৰেক্টৰ পুৰস্কাৰ দিব বুলিও সংবাদমেলত জানিবলৈ দিয়ে সদস্য গৰাকীয়ে ৷ অনচুমৈ খুংগুৰ বড়োৱে সম্বোধন কৰা সংবাদমেলত উপস্থিত আছিল বিটিচিৰ কৃষি বিভাগৰ সদস্যগৰাকীৰ উপৰিও মীন, পশুপালন, ৰেচম আদি বিভাগৰ বিষয়া মুৰব্বীসকল ৷ ইতিমধ্যে সমাৰোহখন সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে আয়োজক সমিতিয়ে ৷

লগতে পঢ়কঃশদিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ "ৰণ হুংকাৰ"

For All Latest Updates

ABOUT THE AUTHOR

...view details