বাক্সা,9 জানুৱাৰী :ভাৰত-ভূটান সীমান্তত অৱস্থিত বাক্সা জিলাৰ চৌকি বনভোজস্থলী শনিবাৰে পৰিদৰ্শন কৰে বড়োলেণ্ড কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াৰ লগতে সদস্য-সদস্যাসকলে ৷ পৰিদৰ্শন কৰিয়েই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াসকলে ৷
বড়োলেণ্ড কৰ্মচাৰী পৰিষদৰ সভাপতি দীপক কুমাৰ ৰামচিয়াৰীয়ে সাংবাদিকৰ আগত কয় যে, ভাৰত-ভূটান সীমান্তত অৱস্থিত চৌকি অঞ্চলটো ৰাজ্যৰ ভিতৰতে লেখত ল'বলগীয়া এটা পৰ্যটনস্থলী ৷ চলিত বছৰৰ প্ৰথম দিনটোৰ পৰাই ৰাজ্যৰ বহু পৰ্যটক এই স্থানলৈ অহা পৰিলক্ষিত হৈছে ৷ গতিকে এই পৰ্যটনস্থলীক ৰাজ্যৰ ভিতৰত আগশাৰীৰ পৰ্যটনস্থলীলৈ উন্নীত কৰাৰ বাবে বহু থল আছে বুলি মন্তব্য প্ৰকাশ কৰে দীপক কুমাৰ ৰামচিয়াৰীয়ে ৷