অসম

assam

ETV Bharat / state

অঞ্জলী দৈমাৰীৰ বিপিএফত যোগদানক লৈ সৰৱ লীলা বসুমতাৰী - বড়ো ওমেন জাষ্টিচ ফৰামৰ সভানেত্ৰীৰ বিপিএফত যোগদান বাতৰি

বড়ো ওমেন জাষ্টিচ ফৰামৰ সভানেত্ৰী ডা0 অঞ্জলী দৈমাৰীয়ে বিপিএফ দলত যোগদান কৰাৰ কথা কমিটিক জনোৱা নাই বুলি সদৰি কৰে সম্পাদিকা লীলা বসুমতাৰীয়ে ৷

Bodo woman justice forum secretary reaction over president's BPF joining
বড়ো ওমেন জাষ্টিচ ফৰামৰ সভানেত্ৰীৰ বিপিএফত যোগদানক লৈ সৰৱ সম্পাদিকা লীলা বসুমতাৰী

By

Published : Aug 24, 2020, 9:39 PM IST

বৰমা, 24 আগষ্টঃ বড়ো ওমেন জাষ্টিচ ফৰামৰ সভানেত্ৰী ডা৹ অঞ্জলী দৈমাৰীয়ে বিপিএফ দলত যোগদান কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ফৰামৰ সম্পাদিকা লীলা বসুমতাৰীয়ে ৷ তেখেতে কয় যে, 1993 চনৰে পৰা তেখেত বড়ো ওমেন জাষ্টিচ ফৰামৰ সৈতে জড়িত হৈ আছে ৷ ই এক অৰাজনৈতিক সংগঠন ৷ কোনো ৰাজনৈতিক দলৰ প্ৰতিনিধিত্ব নকৰে এই সংগঠনটোৱে ৷

অঞ্জলী দৈমাৰীয়ে বিপিএফত যোগদানক লৈ সৰৱ সম্পাদিকা লীলা বসুমতাৰী

আনহাতে, ফৰামৰ সভানেত্ৰী ডা৹ অঞ্জলী দৈমাৰীয়ে বিপিএফ দলত যোগদান কৰাৰ কথা কমিটিক জনোৱা নাই বুলিও সদৰি কৰে সম্পাদিকা লীলা বসুমতাৰীয়ে ৷ ফৰামৰ সদস্যসকলৰ সৈতে কোনো ধৰণৰ আলোচনাত মিলিত নোহোৱাকৈয়ে বিপিএফত যোগদান কৰা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰি সম্পাদিকা লীলা বসুমতাৰীয়ে প্ৰয়োজন সাপেক্ষে ফৰামৰ পৰা অব্যাহতি লোৱাৰ কথা সাংবাদিকক অৱগত কৰে ৷

লগতে পঢ়ক-গুৱাহাটীত ভিটামিন জাতীয় ঔষধৰ ব্যাপক নাটনি

ABOUT THE AUTHOR

...view details