অসম

assam

ETV Bharat / state

মুক্তি বাবে অপেক্ষাৰত বড়ো ছবি "চিনাইথি" দ্যা আইডেনটিটি

বৰমা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত ছবিখন মুক্তি দিয়া হ'ব বুলি সদৰী কৰে পৰিচালক গৰাকীয়ে

মুক্তি বাবে অপেক্ষাৰত বড়ো ছবি "চিনাইথি" দ্যা আইডেনটিটি

By

Published : Sep 8, 2019, 9:38 PM IST

বাক্সা, 8 চেপ্তেম্বৰঃ বাক্সাৰ বৰমাৰ 'ডাৰ্ক হৰ্স মেডিয়া'ৰ প্ৰথম নিবেদন বড়ো ভাষাৰ ছবি "চিনাইথি" দ্যা আইডেনটিটি 15 চেপ্তেম্বৰত মুক্তি লাভ কৰিব ৷ দেওবাৰে এই কথা সদৰী কৰিলে ছবিৰ পৰিচালক ফুংবিলিয়ে ৷ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত ছবিখন মুক্তি দিয়া হ'ব বুলি সদৰী কৰে পৰিচালক গৰাকীয়ে ৷ সঞ্জীৱ বড়োই চিত্ৰগ্ৰহণ কৰা ছবিখনত নৃত্য নিৰ্দেশনাৰ দায়িত্বত আছে নিকোদিম নাৰ্জাৰী ৷ আনহাতে, সুলেন মোছাহাৰীয়ে লিখা ছবিখনক সম্পাদনা কৰিছে অনসুমা বসুমতাৰী আৰু দানিয়াল স্বৰ্গীয়াৰীয়ে ৷ ছবিখনত সংগীত পৰিচালনাৰ দায়িত্বত আছে বিৰাজ মোছাহাৰী ৷ কন্ঠদান কৰিছে বিৰাজ মোছাহাৰী, গীতাশ্ৰী ৰামছিয়াৰী, জনালী স্বৰ্গীয়াৰী আৰু বিৰখাং ব্ৰহ্মই ৷ ছবিৰ অভিনেতা- অভিনেত্ৰীসকল ক্ৰমে, ৰংজালু ( ৰণ) নাৰ্জাৰী, ফুজি বসুমতাৰী, কমলেশ্বৰ বসুমতাৰী, ৰিংকুমণি নাৰ্জাৰী, মিনু লাহাৰী, থাখ্লাই, মেন্দেলা, ৰুমি বসুমতাৰী, ফাখন আৰু বিৰখাং ৷ ছবিৰ প্ৰযোজক অনসুমা বসুমতাৰী আৰু দানিয়াল স্বৰ্গীয়াৰীৰ ৷

মুক্তি বাবে অপেক্ষাৰত বড়ো ছবি "চিনাইথি" দ্যা আইডেনটিটি

ABOUT THE AUTHOR

...view details