বাক্সা, 19 জানুৱাৰীঃ বাক্সাত জিলিকিল বড়ো লোকনৃত্য আৰু গীতৰ বাৰেৰহণীয়া কৃষ্টি ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত তামুলপুৰত অনুষ্ঠিত কৰা হয় বড়ো লোকনৃত্য গীতৰ সমাৰোহ । বড়োসকলৰ কৃষ্টি, সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে দেওবাৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ কলবাৰীৰ বাথৌ মন্দিৰৰ প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে বড়ো লোকনৃত্য আৰু গীতৰ সমাৰোহৰ আয়োজন কৰে ৷ বড়োসকলৰ অন্যতম বাগুৰুম্বা নৃত্যৰে এই সমাৰোহত চাৰিটা বড়ো নৃত্য কৃষ্টি দল আৰু কেইবাগৰাকীও বড়ো লোক সংগীতৰ শিল্পীয়ে অংশগ্ৰহণ কৰে ।
বাগুৰুম্বাৰ তালত উদ্ভাসিত হৈ উঠিল বড়োভূমিৰ কলা কৃষ্টি - বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ কলবাৰীৰ বাথৌ মন্দিৰ
বড়োসকলৰ কৃষ্টি, সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে বাক্সাত বড়ো লোকনৃত্য গীতৰ সমাৰোহ । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হয় এই সমাৰোহ ৷
![বাগুৰুম্বাৰ তালত উদ্ভাসিত হৈ উঠিল বড়োভূমিৰ কলা কৃষ্টি Bodo cultural programme held in Baksa](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5764992-thumbnail-3x2-gha.jpg)
বাগুৰুম্বাৰ তালত উদ্ভাসিত হৈ উঠিল বড়োভূমিৰ কলা কৃষ্টি
বাগুৰুম্বাৰ তালত উদ্ভাসিত হৈ উঠিল বড়োভূমিৰ কলা কৃষ্টি
আনহাতে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় তথা তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ সাংস্কৃতিক উন্নয়ন বিষয়াই জিলাখনৰ মহকুমাটোত থকা বিভিন্ন ভাষাৰ লোকসকলৰ সমন্বয়ৰ এনাজৰীডাল আৰু অধিক কটকটীয়া কৰাৰ উদ্দেশ্যে এই নৃত্য সমাৰোহৰ আয়োজন কৰা হৈছে বুলি উল্লেখ কৰে ।
আৰু পঢ়কঃকোকৰাঝাৰত ভূমি পট্টা প্ৰদান মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ