অসম

assam

নিশা কেবৰ বিৰুদ্ধে গান্ধীবাৰী উপ আৰক্ষী চকীত উৰিল ক'লা পতাকা

By

Published : Dec 11, 2019, 11:04 AM IST

মাজনিশা গোপনে অজ্ঞাত লোকে আৰক্ষী চকীত ক'লা পতাকা উৰুৱাই সাব্যস্ত কৰিলে জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ ৷

নিশা কেবৰ বিৰুদ্ধে গান্ধীবাৰী উপ আৰক্ষী চকীত উৰিল ক'লা পতাকা
নিশা কেবৰ বিৰুদ্ধে গান্ধীবাৰী উপ আৰক্ষী চকীত উৰিল ক'লা পতাকা

বাক্সা,10 ডিচেম্বৰ: ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে আন্দোলন তীব্ৰতৰ হোৱাৰ মাজতে বাক্সা জিলাৰ তামুলপুৰৰ গান্ধীবাৰী আৰক্ষী চকীত অজ্ঞাত প্ৰতিবাদকাৰীয়ে উৰুৱালে ক'লা পতাকা ৷ ঘটনা অনুসৰি বুধবাৰে নেছৰ 12 ঘন্টীয়া উত্তৰ-পূব বন্ধৰ সময়ছোৱাত বাক্সাত তীব্ৰ ৰূপ ধাৰণ কৰিছিল কেব বিৰোধী প্ৰতিবাদে ৷ তাৰ মাজতে মাজনিশা গোপনে ক্ষোভিত প্ৰতিবাদকাৰীয়ে গান্ধীবাৰী আৰক্ষী চকীৰ সন্মুখত সংস্থাপন কৰি যায় ক'লা পতাকাখন ৷ বুধবাৰে পুৱাৰ ভাগতহে আৰক্ষী চকীৰ লোকসকলে ক'লা পতাকাকখন উৰি থকা অৱস্থাত দেখা পায় ৷ ইফালে প্ৰতিবাদকাৰীসকলে আৰক্ষী চকীখনৰ ওপৰিও তাৰ আশে পাশে থকা চৰকাৰী কাৰ্যালয়ৰ চৌহদতো ক'লা পতাকা উৰুৱাই থৈ যোৱা দৃষ্টিগোচৰ হয় ৷ এই ঘটনাৰ পাছতেই বৰ্তমান অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ উল্লেখযোগ্য যে, বিজেপি চৰকাৰে অসমীয়া জাতিৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিব খোজা জাতিধ্বংসী বিধেয়কখনক লৈ ৰাজ্যত আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ য'ত দেখা গৈছে শান্তি-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত অসম আৰক্ষীৰ চৰম ব্যৰ্থতা ৷

অজ্ঞাত লোকে আৰক্ষী চকীত ক'লা পতাকা উৰুৱাই সাব্যস্ত কৰিলে জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ

ABOUT THE AUTHOR

...view details