বাক্সা, 26 নৱেম্বৰ :বিটিচি নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে ৰাজনৈতিক দল সমূহৰ মাজত নিৰ্বাচনী তৎপৰতা অব্যাহত আছে । এই নিৰ্বাচনী তৎপৰতাৰ মাজতেই মঙলবাৰে পুৱা ১০ বজাত ২৬ নং দৰংগাজুলী পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ মূখ্য কাৰ্যালয়টো উদ্বোধন কৰা হয় ।
বিটিচি নিৰ্বাচনঃ ৰাজনৈতিক দলৰ মাজত নিৰ্বাচনী তৎপৰতা অব্যাহত ইউ পি পি এল দলৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ মূখ্য কাৰ্যালয়টো উদ্বোধন কৰে কেন্দ্ৰীয় ইউ পি পি এল দলৰ উপ সভাপতি ৰাফেল দৈমাৰীয়ে। উক্ত অনুষ্ঠানত ২৬ নং দৰংগাজুলী সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী ফনিন্দ্ৰ নাৰ্জাৰী, ইউ পি পি এল দলৰ সকলো কাৰ্য্যকৰ্তাৰ লগতে বিষয়ববীয়া সকল উপস্থিত থাকে ।
আনপিনে বিজেপি দলেও ২৬ নং পৰিষদীয় সমষ্টিত নিজৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ মূখ্য কাৰ্যালয়টো উদ্ধোধন কৰে ৷ অসম চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰিকাই উদ্বোধন কৰে এই কাৰ্যালয়টো ।
বিটিচি নিৰ্বাচনঃ ৰাজনৈতিক দলৰ মাজত নিৰ্বাচনী তৎপৰতা অব্যাহত উক্ত অনুষ্ঠানত ২৬ নং পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী দেবেন বড়ো, বিজেপি দলৰ দলীয় কাৰ্যকৰ্তা তথা বিষয়ববীয়া সকলৰ লগতে কুমাৰীকাটা অঞ্চলৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ।
লগতে পঢ়ক: ইউপিপিএলক শৰণীয়া কছাৰী জনগোষ্ঠীৰ মুকলি সমৰ্থন