অসম

assam

By

Published : Nov 28, 2020, 10:59 PM IST

ETV Bharat / state

বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ সয়মতে আছুৰ অনশন কাৰ্যসূচী

আজি বাগানপাৰা পৰিষদীয় সমষ্টিৰ বাগানপাৰাত বিজেপি দলে নিৰ্বাচনী প্ৰচাৰ চলায় ৷ সেই সময়তে আছুয়ে দিনজোৰা কাৰ্যসূচীৰে অনশন কাৰ্যসূচী ৰূপায়ন কৰে ৷

উপস্থিত হিমন্ত বিশ্ব শৰ্মা
বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ

বৰমা, 28 নবেম্বৰ : আজি বাগানপাৰা পৰিষদীয় সমষ্টিৰ বাগানপাৰাত বিজেপি দলৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয় মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ সভাপতি ৰঞ্জিত দাস, প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী, প্ৰাক্তন মন্ত্ৰী জয়ন্ত মল্ল বুজৰবৰুৱা, প্ৰাক্তন মন্ত্ৰী ৰেখা ৰাণী দাস বড়োৰ লগতে বহু নেতা ৷ উল্লেখ্য যে, বিটিচি পৰিষদীয় সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতেই বিজেপি দলৰ হাই প্ৰফাইল নেতাসকলে দলীয় প্ৰাৰ্থীক বিজয়ী কৰাৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৷

বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ

আজি বাগানপাৰাত বিজেপিৰ প্ৰাৰ্থী অৰতী বৰদলৈৰ নিৰ্বাচনী প্ৰচাৰত ড0 হিমন্ত বিশ্ব শৰ্মাই কয় যে, বিটিআৰ চুক্তিৰ যোগেদি বিটিচিৰ পৰা গাওঁ কৰ্তন কৰিব পাৰিব আৰু বিটিআৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব ৷ তাৰোপৰি বিটিআৰত বৰ্তমানৰ চল্লিশটা সমষ্টিক পৰা ষাঠিটালৈ বৃদ্ধি কৰা হ'ব আৰু অধিক ক্ষমতা আহিব বুলিও কয় ড0 শৰ্মাই ৷

বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ

ইপিনে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ সময়তে বাগানপাৰা আঞ্চলিক আছুৱে আছুৰ কাৰ্য্যালয়ত দিনজোৰা অনশন কাৰ্য্যসূচী গ্ৰহণ কৰে ৷ কৃষি আইন, অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি তথা বিজেপিৰ জন বিৰোধী আইনৰ প্ৰতিবাদত বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাই কাৰ্য্যালয়ত অনশন কাৰ্য্যসূচী গ্ৰহণ কৰে ৷

বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ

অসমত বাস কৰা আদিবাসী সকলক জনজাতিকৰণ কৰা, চাহ মজদুৰ সকলক দিন হাজিৰা 350 টকাকৈ বৃদ্ধিৰ লগতে আদিবাসী সকলৰ কাৰণে ভূমি পট্টা প্ৰদান কৰাৰ কাৰণে আজি বাগানপৰা আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত ধৰ্ণা কাৰ্য্যসূচী হাতত লয় ৷ বিজেপি দলে যদি 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আদিবাসী সকলৰ জনজাতিকৰণ নকৰে তেনেহ'লে তেওঁলোকে আজমলৰ বাহিনীক সমৰ্থন কৰিব বুলিও হুংকাৰ দিয়ে ৷

লগতে পঢ়ক :ইণ্ডিয়া টুডে’ৰ সমীক্ষাত বিকাশৰ ক্ষেত্ৰত অসমৰ শীর্ষস্থান লাভ

ABOUT THE AUTHOR

...view details