অসম

assam

By

Published : Sep 15, 2020, 7:58 PM IST

ETV Bharat / state

বাক্সাত নৰেন্দ্ৰ মোডীৰ 70 তম জন্ম দিনৰ উপলক্ষে সেৱা সপ্তাহ আৰম্ভ

তামুলপুৰত স্বচ্ছ ভাৰত অভিযানেৰে সেৱা সপ্তাহৰ শুভাৰম্ভণি ৷ বিজেপি দলৰ বাক্সা জিলা সমিটিৰ বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে ৷

Bjp Swacch bharat porgamme at baksha
বাক্সাত নৰেন্দ্ৰ মোডীৰ 70 তম জন্ম দিনৰ উপলক্ষে সেৱা সপ্তাহ আৰম্ভ

বাক্সা,15 ছেপ্তেম্বৰঃ ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সমিটি তথা ৰাজ্যিক কমিটিৰ নিৰ্দেশ মৰ্মে মঙলবাৰৰে পৰা তামুলপুৰতো আৰম্ভ হৈছে সেৱা সপ্তাহৰ বিভিন্ন কাৰ্যসূচী ৷ গয়বৰী পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ পাৰ্থী হেমন্ত কুমাৰ ৰাভাৰ নেতৃত্বত তামুলপুৰ আৰক্ষী চকী,তামুলপুৰ জাতীয় বিদ্যালয়,ঘগ্ৰাচ'ক, ভকতপাৰা নামঘৰকে ধৰি ভিন্ন-ভিন্ন স্থানত পৰিৱেশ পৰিষ্কাৰৰ উদ্দেশ্যে স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী গ্ৰহণ কৰে ৷

বাক্সাত নৰেন্দ্ৰ মোডীৰ 70 তম জন্ম দিনৰ উপলক্ষে সেৱা সপ্তাহ আৰম্ভ

উক্ত কাৰ্যসূচীত বিজেপি দলৰ বাক্সা জিলা সমিটিৰ উপ-সভাপতি দিপেন দাস,বাক্সা জিলা কিষান মৰ্চাৰ সভাপতি লোহিন ব্ৰহ্ম,গয়বাৰী মণ্ডল বিজেপিৰ ভাৰপ্ৰাপ্ত সভাপতি হৰেন ৰাভাকে ধৰি বিজেপি দলৰ বহু নেতা কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়কঃ শিৱসাগৰত মটক যুৱ ছাত্ৰ সন্মিলনীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details