অসম

assam

By

Published : Jun 17, 2020, 6:35 PM IST

ETV Bharat / state

মুছলপুৰত বিজেপিৰ জনসম্পৰ্কৰক্ষী অভিযান

বিপিএফৰ অবাধ দুৰ্নীতি বন্ধ কৰাৰ বাবেই বিটিচিত এইবাৰ নিৰ্বাচন খেলিব বিজেপিয়ে । আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী কষ্টেনটাইন তিৰ্কীয়ে দলৰ এক জনসম্পৰ্কৰক্ষী অভিযান কালত উল্লেখ কৰিলে এনেদৰে ।

bjp campaign at baksa
মুছলপুৰত বিজেপিৰ জনসম্পৰ্কৰক্ষী অভিযান

বৰমা, ১৭ জুন:আগন্তুক বিটিচি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বাক্সা জিলাৰ মুছলপুৰত আৰম্ভ হৈছে বিজেপিৰ জনসম্পৰ্কৰক্ষী অভিযান ৷ ৩০ জুনলৈ চলিব লগা বিজেপিৰ এই অভিযানত সদস্য সকলে ঘৰে ঘৰে গৈ ভোটাৰৰ খবৰ লোৱাৰ লগতে তেওঁলোকৰ সমস্যাৰো বুজ লয়। ৷ বিজেপি দলৰ ৰাজ্যিক মুখপত্ৰ মেঘনা হাজৰিকা,বাক্সা জিলা বিজেপিৰ সভাপতি ৰামদাহালকে ধৰি দলীয় কৰ্মী দিলীপ দাহাল আদিকে ধৰি একাংশ বিজেপি সদস্যই অঞ্চলটোৰ প্ৰতি ঘৰলৈ গৈ তেওঁলোকৰ অসুবিধাৰ বুজ লয় ৷

মুছলপুৰত বিজেপিৰ জনসম্পৰ্কৰক্ষী অভিযান

বিগত সোতৰ বছৰে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ চৰকাৰখনে বিটিচিত সংঘটিত কৰা ব্যাপক দুৰ্নীতিৰ অভিযোগ অনাৰ লগতে দুৰ্নীতি ৰোধ কৰাৰ বাবে আগন্তুক বিটিচি নিৰ্বাচনত উমৈহতীয়াকৈ ভাগ ল'ব বিজেপি দলে । এই ভাষ্য বিটিচিৰ দিহিৰা সমষ্টিৰ বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী কষ্টেনটাইন তিৰ্কীৰ । বিপিএফৰ এই দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ পৰা উদ্ধাৰৰ বাবে বিটিচিৰ জনসাধাৰণে এইবাৰ বিজেপিকে বাচি লৈছে আৰু সেয়েহে দলটোৱে বিটিচিত উমৈহতীয়াভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

মুছলপুৰত বিজেপিৰ জনসম্পৰ্কৰক্ষী অভিযান

লগতে চাওকঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুকলি তৃতীয়টো Covid 19 পৰীক্ষাগাৰ

ABOUT THE AUTHOR

...view details