অসম

assam

By

Published : Nov 9, 2020, 2:12 PM IST

ETV Bharat / state

বড়োভূমিৰ মছনদ দখলৰ যুঁজত উঠি পৰি লাগিছে বিজেপি

বিটিচি নিৰ্বাচনৰ গৰম বতাহ বলিছে বাক্সাৰ গোৰেশ্বৰত । নিজা ৰণ নীতিৰে মছনদ দখলৰ যুঁজত নামিছে বিজেপি ৷

btc election
btc election

বাক্সা, 9 নবেম্বৰ : বড়োভূমিৰ সিংহাসন দখলৰ বাবে তুমুল ৰণত নামিছে বিজেপি দল ৷ প্ৰতিদিনে বিটিচিৰ ৰাজনীতি সলনিৰ চেষ্টা অব্যাহত ৰাখিছে দলটোৱে । বিটিচি নিৰ্বাচনৰ পূৰ্বে কেইবাগৰাকীও মন্ত্ৰী বিধায়ক তথা শীৰ্ষ পৰ্যায়ৰ নেতাই যোগদান কৰিব বিজেপিত ৷ গোৰেশ্বৰ এই ইংগিত দিলে মন্ত্ৰী ভৱেশ কলিতাই ৷ গোৰেশ্বৰত বিজেপিৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা আৰু অনুসূচিত জনজাতি মৰ্চাৰ জিলা কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি এইদৰে কয় মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, উত্তৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত দেওবাৰে গোৰেশ্বৰ ১৪২নং গোৰেশ্বৰ নিম্ন বুনিয়াদী বিদ্যালয়ত অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা আৰু গোৰেশ্বৰ ৰামছাস্থিত মেদিনী মোহন চৌধুৰী প্ৰেক্ষাগৃহত অনুসূচিত জনজাতি মৰ্চাৰ দুখনকৈ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷

বড়োভূমিৰ মছনদ দখলৰ যুঁজত উঠি পৰি লাগিছে বিজেপি

উক্ত সভাত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতাৰ লগতে বিটিচিৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী গজেন্দ্ৰ বড়ো আৰু শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ বিজিপি দলৰ মনোনীত প্ৰাৰ্থী ৰনেন্দ্ৰ নাৰ্জাৰী উপস্থিত থাকি ভাষণ ৰাখে ৷ সমাগত বিটিচি নিৰ্বাচন আৰু লোকসকৰ কাৰ্যপন্থা উপৰি ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰে ৷ আত্মনিৰ্ভৰ ভাৰত আৰু আত্মনিৰ্ভৰ অসম শ্লোগানেৰে আৰম্ভ কৰা সভাত জিলাখনৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক :সীমান্ত সুৰক্ষা নিশ্চিত কৰাত বিজেপি ব্যৰ্থ হৈছে : দেৱব্ৰত শইকীয়া

ABOUT THE AUTHOR

...view details