বৰমা, 23 ছেপ্টেম্বৰঃ এন আৰ চিৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে দেশৰ গণতন্ত্ৰক হত্যা কৰিলে ৷ হিন্দু বঙালী সকল কাটা তাঁৰৰ বেৰ পাৰ হৈ অহা নাছিল ৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ভগৱান নহয়, চুপ্ৰিম কৰ্টত সংঘটিত হয় দুৰ্নীতি ৷ দেওবাৰে বাক্সাৰ বাগানপাৰা নিচলামাৰীত হিন্দু বঙালীৰ এখন সভাত উপস্থিত হৈ এই মন্তব্য কৰে বিজেপিৰ বিধায়ক শিলাদিত্য দেৱে ৷ সভাত তেওঁ কয় যে, অসম আন্দোলন প্ৰথম অৱস্থাত হিন্দু বঙালী লোকক বিতাৰণ কৰা আন্দোলন নাছিল ৷ আন্দোলন আছিল সীমান্তৰ কাটা তাঁৰৰ বেৰ পাৰ হৈ অহা মুছলমান বাংলাদেশী সকলক বহিষ্কাৰ কৰাৰ কাৰণে৷ হিন্দু বঙালী সকল ৰিফিউজি হিচাপে আছিল ভাৰতবৰ্ষত ৷ কিন্তু পৰৱৰ্তী সময়ত অসম আন্দোলন বঙালী খেদা আন্দোলনলৈ ৰূপান্তৰ হোৱা বুলি মন্তব্য কৰে বিধায়ক শিলাদিত্যই ৷
এন আৰ চিৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে দেশৰ গণতন্ত্ৰক হত্যা কৰিলেঃ বিধায়ক শিলাদিত্য - বিধায়ক শিলাদিত্য এন আৰ চি
উচ্চতম ন্যায়ালয়ে হিন্দু বঙালীক প্ৰতাৰণা কৰিছে ৷ হিন্দু বঙালী সকল কাটা তাঁৰৰ বেৰ পাৰ হৈ অহা নাছিল ৷ এন আৰ চি মাত্ৰ এখন কাগজৰ খেলাহে ৷ হিন্দু বঙালীৰ সভাত এই মন্তব্য বিজেপিৰ বিধায়ক শিলাদিত্য দেৱৰ ৷
এন আৰ চিৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে দেশৰ গণতন্ত্ৰক হত্যা কৰিলেঃ বিধায়ক শিলাদিত্য
ইয়াৰোপৰি হিন্দু বঙালী সকলে ভাৰত স্বাধীনতাৰ কাৰণে বহু ত্যাগ কৰাৰ কথা উল্লেখ কৰি এন আৰ চিক লৈ কোনো হিন্দু বঙালী লোকে শংকিত হোৱাৰ কাৰণ নাই বুলি মন্তব্য কৰে ৷ লগতে তেওঁ এন আৰ চিক কাগজৰ খেলা বুলিহে আখ্যা দিয়ে ৷