বাক্সা, 20 ছেপ্তেম্বৰ :কৰ’ণা মহামাৰীৰ বাবে পুনৰ বাৰ বিটিচি নিৰ্বাচন পিছুৱাৰ সিদ্ধান্ত ৰাজ্য স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ জাৰি কৰিলে এক নিৰ্দেশনা । কিন্তু বিটিচিত বিভিন্ন ৰাজনৈতিক দল সমূহে পৰিষদীয় সমষ্টি সমূহত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ।
ৰাজ্য স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰ’ণা মহামাৰী ৰোগ বৃদ্ধি হোৱা বাবে বিটিচি নিৰ্বাচন পিছুৱা নিৰ্দেশনা জাৰি সম্পৰ্কে সাংবাদিকে কৰা প্ৰশ্নত ৰাজ্যৰ জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই কয় যে, এইখন নিৰ্বাচনী সভা নহয় ? কাৰ্যকৰ্তা সভাহে ৷ দলীয় কৰ্মকৰ্তা সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে হে এই সভা পতা হৈছে আৰু ইয়াৰ দিনাংক পূৰ্বতেই নিৰ্ধাৰিত আছিল । লগতে মানুহ বেৰিকেট দিলেও ভাঙি আহে বুলি উল্লেখ কৰি ইয়াৰ একমাত্ৰ কাৰণ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপিক ৰাইজে আকোঁৱালি লৈছে বুলি কয় মন্ত্ৰীগৰাকীয়ে । সেয়ে বিটিচিৰ ৰাইজে পৰিৱৰ্তন বিচাৰি লাখ-লাখ মানুহ বিজেপি দলৰ সমৰ্থনত আহিছে বুলি সদৰি কৰে ।