বাক্সা, 18 ছেপ্তেম্বৰ :বাক্সা জিলাৰ নাগ্ৰীজুলি আৰু গৈয়বাৰী বিটিচি পৰিষদীয় সমষ্টিত উপস্থিত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা । মন্ত্ৰী গৰাকীয়ে 27 নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ সভাত উপস্থিত হৈ কয় যে,বৰ্তমান অসমত কোনো লোকক ডি ভোটাৰৰ নামত হাৰাশাস্তি কৰা নহ'ব । যদি ডি ভোটাৰৰ নামত কোনো লোকক হাৰাশাস্তি কৰা হয় তেন্তে তেওঁ সেই স্থানত উপস্থিত হ'ব । লগতে তেওঁ কয় যে,এইবাৰ বিজেপি দলে বিটিচি দখল কৰিব আৰু 22ৰ পৰা 23 খনতকৈ অধিক আসন লাভ কৰিব। বিটিচিত এইবাৰ বিজেপি দলে চৰকাৰ গঠন কৰিলে দুৰ্নীতি মুক্ত সমাজ গঢ়িব বুলিও মন্তব্য কৰে পীযুষ হাজৰিকাই ৷
বিজেপি দলে বিটিচি দখল কৰিবঃ পীযুষ হাজৰিকাৰ - বিজেপিয়ে 24 খনতকৈ অধিক আসন লাভ কৰিব বুলি মন্তব্য হাজৰিকাৰ
বাক্সা জিলাৰ নাগ্ৰীজুলি আৰু গৈয়বাৰী বিটিচি পৰিষদীয় সমষ্টিত উপস্থিত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা । বিজেপি দলে বিটিচি দখল কৰিব আৰু 22ৰ পৰা 23 খনতকৈ অধিক আসন লাভ কৰিব বুলি মন্তব্য কৰে হাজৰিকাই ৷
![বিজেপি দলে বিটিচি দখল কৰিবঃ পীযুষ হাজৰিকাৰ BJP election campaign : Pijush Hazarika at Baksa](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8849624-415-8849624-1600447895163.jpg)
বাক্সাৰ দুখন বিজেপি সভাত অংশগ্ৰহণ পীযুষ হাজৰিকাৰ
বাক্সাৰ দুখন বিজেপি সভাত অংশগ্ৰহণ পীযুষ হাজৰিকাৰ
এই সভাত ৰাজ্যিক মন্ত্ৰীগৰাকীক সংগ দিয়ে তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰী,বিজেপি দলৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী দেবেন বড়ো,নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ধৰ্মনাৰায়ন দাস,গৈয়বাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী হেমন্ত ৰাভা,বিজেপি দলৰ বাক্সা জিলাৰ সভাপতি ৰাম দাহাল ৷ এই সভাত উপস্থিত থাকে বহু স্থানীয় ৰাইজ ৷
লগতে পঢ়ক :ছেপ্তেম্বৰৰ শেষত আৰম্ভ হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা