বাক্সা, ২০ অক্টোবৰ :ৰাজ্যৰ পাঁচটা সমষ্টিত অহা 30 অক্টোবৰত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন ৷ ইতিমধ্যে প্ৰতিটো সমষ্টিতে নিৰ্বাচনী যুঁজৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ ৷ এই পাঁচটা সমষ্টিৰ মাজত অন্যতম চৰ্চিত এটা সমষ্টি হৈছে ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টি ৷ কিয়নো এই সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব যোৱা মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত এ আই ইউ ডি এফৰ পৰা টিকট লৈ সমষ্টিটোত জয় লাভ কৰা ফণী তালুকদাৰে ৷
এ আই ইউ ডি এফ ত্যাগ কৰি বৰ্তমান গেৰুৱা শিৱিৰত নিজকে চামিল কৰিলে ফণী তালুকদাৰে ৷ এইবাৰ পুনৰ বিজেপিৰ হৈ সমষ্টিটোত প্ৰতিদ্বন্দিতা কৰিছে তালুকদাৰে ৷ সেইবাবে বুধবাৰে ভবানীপুৰ সমষ্টিৰ অন্তৰ্গত বাক্সা জিলাৰ শালবাৰীৰ ৰূপহী আৰু আনন্দবজাৰৰ গাতিত বিজেপি দলৰ দুখনকৈ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয় ।
৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ হৈ এই নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশ গ্রহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায় । তেওঁ ভবানীপুৰ সমষ্টিৰ উন্নয়নৰ লগতে ফণীধৰ তালুকদাৰে সকলো সমস্যা সমাধান কৰিব বুলি ৰাইজক আশ্বাস দিয়ে ৷ তাৰোপৰি নেমু টেঙাৰ কৃষক সকলে উচিত মূল্য পাব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷