অসম

assam

ETV Bharat / state

কংগ্ৰেছ চৰকাৰে কৰিব নোৱাৰা কাম আঠটা বছৰত মোডী চৰকাৰে কৰি দেখুৱালে: অজয় ৰয় - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মন্ত্ৰীত্বৰ অষ্টম বৰ্ষপুৰ্তি

বাক্সাৰ মুছলপুৰত আয়োজন বিজেপিৰ বাক্সা জিলা সমিতিৰ জনসভা (BJP district level meeting in Baska) ৷ জিলা বিজেপিৰ সভাপতি শৰৎ শৰ্মাৰ সভাপতিত্বত আয়োজন কৰা এই সভাত বিজেপিৰ বহু নেতা-কৰ্মী উপস্থিত থাকে ৷

8th anniversary of PM Narendra Modi ministerial
কংগ্ৰেছ চৰকাৰে কৰিব নোৱাৰা কাম আঠটা বছৰত মোডী চৰকাৰে কৰি দেখুৱালে : অজয় ৰয়

By

Published : Jun 11, 2022, 9:48 PM IST

বাক্সা, ১১ জুন :‘‘বিগত আঠটা বছৰে প্ৰত্যেক হিতাধিকাৰীক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোডী চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে ৷ লগতে প্ৰশাসনিক ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰি আহিছে নৰেন্দ্ৰ মোডী চৰকাৰে ৷ আনকি কংগ্ৰেছ চৰকাৰে দমন কৰিব নোৱাৰা পাকিস্তানী সন্ত্ৰাসবাদীক নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন চৰকাৰে বস কৰি দেখুৱালে’’ ৷ শনিবাৰে বাক্সাত আয়োজন কৰা এক সভাত এই মন্তব্য কৰে বিজনী সমষ্টিৰ বিধায়ক অজয় ৰয়ে ৷

কংগ্ৰেছ চৰকাৰে কৰিব নোৱাৰা কাম আঠটা বছৰত মোডী চৰকাৰে কৰি দেখুৱালে : অজয় ৰয়

উল্লেখ্য যে, শনিবাৰে বাক্সা জিলাৰ মুছলপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ অষ্টম বৰ্ষপুৰ্তি (8th anniversary of PM Narendra Modi ministerial) উপলক্ষে সেৱা, সুশাসন আৰু গৰীৱ কল্যাণৰ কাৰ্যক্ৰমৰ অংশস্বৰূপে আয়োজন কৰা হয় এই জনসভাৰ (BJP district level meeting in Baska)। সভাৰ সভাপতিত্ব কৰে জিলা বিজেপিৰ সভাপতি শৰৎ শৰ্মাই ৷

এই জনসভাত বিজনী সমষ্টিৰ বিধায়ক অজয় ৰায়, ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক তথা বাক্সা জিলাৰ প্ৰণালী প্ৰবীন বৈশ্য, ৰাজ্যিক কাৰ্যনিৰ্বাহক কুমুদ দাস আৰু ৰাম দাহাল, কাৰ্যবাহী সদস্য গৌতম দাস, বাক্সা জিলাৰ চাহ মৰ্চাৰ অধ্যক্ষ কষ্টেনটাইন তিৰ্কীকে ধৰি বহু ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :৬৫০ কিলো তেজপুৰৰ লিচু লণ্ডনলৈ

For All Latest Updates

ABOUT THE AUTHOR

...view details