অসম

assam

ETV Bharat / state

বাক্সা জিলাৰ গোৰেশ্বত নিৰ্বাচন তথা কৰ’ণা ভাইৰাছ সন্দৰ্ভত সজাগতা সভা - গোৰেশ্বৰ অৰ্ধ সাপ্তাহিক বজাৰ

গোৰেশ্বৰ অৰ্ধ সাপ্তাহিক বজাৰত শনিবাৰে বিজেপিৰ এখনি নিৰ্বাচন তথা কৰ’ণা ভাইৰাছ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত হয় ৷ বিজেপিৰ উত্তৰ কামৰূপ জিলা যুৱ মৰ্চাৰ সভাপতি মনোজ কুমাৰ কলিতাৰ সঞ্চালনাত অনুষ্ঠিত সভা খনৰ আঁতধৰে গোৰেশ্বৰ মণ্ডলৰ সভাপতি অপুৰ্ব দাসে ৷

BJP COVID 19 awareness campaign at Goreshwar
বাক্সা জিলাৰ গোৰেশ্বত নিৰ্বাচন তথা কৰ’ণা ভাইৰাছ সন্দৰ্ভত সজাগতা সভা

By

Published : Mar 21, 2020, 10:49 PM IST

বাক্সা,21 মাৰ্চঃবাক্সা জিলাৰ গোৰেশ্বৰ অৰ্ধ সাপ্তাহিক বজাৰত শনিবাৰে বিজেপিৰ এখনি নিৰ্বাচন তথা কৰ’ণা ভাইৰাছ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত হয় ৷ বিজেপিৰ উত্তৰ কামৰূপ জিলা যুৱ মৰ্চাৰ সভাপতি মনোজ কুমাৰ কলিতাৰ সঞ্চালনাত অনুষ্ঠিত সভা খনৰ আঁত ধৰে গোৰেশ্বৰ মণ্ডলৰ সভাপতি অপুৰ্ব দাসে ৷ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত যুৱ মৰ্চাৰ কৰ্মীসকলৰ মাজত অনুষ্ঠিত সভাখনত বিটিচি পৰিষদীয় নিৰ্বাচন আৰু বৰ্তমান জন সাধাৰণৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছ সন্দৰ্ভত সজাগতা শীৰ্ষক আলোচনা অনুষ্ঠিত হয় ৷ উক্ত সভাখনত উপস্থিত থাকে বিজেপিৰ ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী গজেন বড়ো,বৰঘুলি মণ্ডল যুৱ মৰ্চাৰ সভাপতি ৰজনীকান্ত দাস, বিজেপিৰ উত্তৰ কামৰূপ জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ঋষভ ৰঞ্জন দাস ৷

গোৰেশ্বত নিৰ্বাচন তথা কৰ’ণা ভাইৰাছ সন্দৰ্ভত সজাগতা সভা

ABOUT THE AUTHOR

...view details