বাক্সা,29চেপ্তেম্বৰ :দেওবাৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত তামুলপুৰত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিজেপিৰ এখন জনজাগৰণ সভা অনুষ্ঠিত হয় ৷ সভাত অংশগ্ৰহণ কৰে ঢেকীয়াজুলী সমষ্টিৰ বিধায়ক তথা জিএম ডিৰ অধ্যক্ষ অশোকানন্দ সিংঘাল,বিভূতা বৰগয়াৰী,বিপ্লৱ দে,নাধৰ্মনাৰায়ণ দাস,অৰ্জন চেত্ৰী, ৰাজেশ বড়ো আৰু যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক উপস্থিত থাকে ৷ সভাত সদ্য প্ৰকাশিত এনআৰচি সম্পৰ্কতো সিংহালে কয়- ''এন আৰ চি আমি মানি ল'ব নোৱাৰো, এনআৰচিৰ দ্বাৰা বিদেশীক স্বদেশী আৰু স্বদেশীক বিদেশী কৰা হৈছে ''৷ এই এনআৰচি ভাৰতীয় জনতা পাৰ্টীয়ে মানি ল'ব নোৱাৰে। দিল্লীত যেতিয়ালৈকে বিজেপি চৰকাৰ থাকে তেতিয়ালৈ কোনো ভয় নাই বুলিও মন্তব্য কৰে সিংহালে ৷
তামুলপুৰত বিজেপিৰ জনজাগৰণ সভা - বিজেপিৰ এখন জনজাগৰণ সভা
কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত তামুলপুৰত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিজেপিৰ এখন জনজাগৰণ সভা অনুষ্ঠিত হয় আৰু এই সভাত কংগ্ৰেছৰ লগতে বহু দলৰ প্ৰাৰ্থীয়ে বিজেপিত যোগদান কৰে ৷
তামুলপুৰত বিজেপিৰ জনজাগৰণ সভা
ইয়াৰোপৰি,কাশ্মীৰৰ ৩৭০অনুচ্ছেদ ৩৫(A) ধাৰা সম্পৰ্কতো বক্তব্য প্ৰদান কৰে সিংহালে ৷ সিংহালে কয় যে,কাশ্মীৰ চৰকাৰে ৩৭০ অনুচ্ছেদৰ বাবে দুৰ্নীতি কৰি আছে । এই জনজাগৰণ সভাত কংগ্ৰেছৰ লগতে বহু দলৰ প্ৰাৰ্থীয়ে বিজেপিত যোগদান কৰে ৷