অসম

assam

By

Published : Nov 14, 2020, 5:43 PM IST

ETV Bharat / state

তামুলপুৰত বিশ্বজিৎ দৈমাৰীৰ সংবাদমেল

বিপিএফে বিটিচিৰ ৰাইজৰ সমস্যাৰ ওপৰত কোনো গুৰুত্ব নিদিয়াৰ লগতে বৰ্তমান সময়ত বিটিচি 3000 কোটি টকাৰ ধাৰত পোত গৈ থকা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷

biswajit_daimary_pressmeet
তামুলপুৰত বিশ্বজিৎ দৈমাৰীৰ সংবাদমেল

বাক্সা, 14 নৱেম্বৰ:শনিবাৰে তামুলপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি বিপিএফৰ বিৰুদ্ধে আক্ৰমনাত্মক হৈ উঠে সাংসদ বিশ্বজিৎ দৈমাৰী ৷ বিপিএফৰ কাম-কাজত অসন্তুষ্ট হৈ বিপিএফ ত্যাগ কৰা বুলি সংবাদমেলত উল্লেখ কৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷ বিগত 17 বছৰে বিটিচিৰ শাসন ব্যৱস্থাত একনায়কত্ববাদ চলি থকাৰ অভিযোগ উত্থাপন কৰে বিশ্বজিৎ দৈমাৰীয়ে ৷ বিপিএফে বিটিচিৰ ৰাইজৰ সমস্যাৰ ওপৰত কোনো গুৰুত্ব নিদিয়াৰ লগতে বৰ্তমান সময়ত বিটিচি 3000 কোটি টকাৰ ধাৰত পোত গৈ থকা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷

তামুলপুৰত বিশ্বজিৎ দৈমাৰীৰ সংবাদমেল

ABOUT THE AUTHOR

...view details