বাক্সা,১৮ এপ্ৰিল: অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ সমান্তৰালকৈ কোচ ৰাজবংশী জনজাতিসকলে পালন কৰি আহিছে বিষুৱা উৎসৱ । বাক্সাৰ নিমুৱাত বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অন্তৰ্গত সদৌ নিমুৱা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু সদৌ নিমুৱা কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় বিষুৱা উৎসৱ ৷ বিষুৱা উৎসৱ উদযাপন সমিতিৰ সভাপতি মধুসুদন বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গোকুল বৰ্মন ৷
অনুষ্ঠানত অংশগ্ৰহণ কৰি বৰ্মনে কয়, কোচ ৰাজবংশীসকলৰ জাতীয় উৎসৱ হ'ল বিষুৱা । বিষুৱা উৎসৱ কৃষিৰ সৈতে জড়িত উৎসৱ আৰু কোচ ৰাজবংশীসকল হৈছে কৃষিজীৱী এটা জনগোষ্ঠী । সেয়েহে বিষুৱা উৎসৱ কোচ ৰাজবংশীসকলে সম্পূর্ণ ৰীতি-নীতিৰে উদযাপন কৰি আহিছে । সমগ্ৰ অসমত কোচ ৰাজবংশীসকলে পালন কৰি অহা এই বিষুৱা উৎসৱৰ জৰিয়তে কোচ ৰাজবংশীসকলৰ সাংস্কৃতিক দিশ বিকাশ হ'বলৈ ধৰিছে । কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ কোচ ৰাজবংশীসকলৰ বাবে এটা মাইলৰ খুঁটি ৷ স্বায়ত্ব শাসিত পৰিষদৰ জৰিয়তে কোচ ৰাজবংশীসকলে শৈক্ষিক, সামাজিক আৰু ৰাজনৈতিক দিশত সুন্দৰভাৱে আগবাঢ়ি যোৱাৰ কাৰণে এটা পথ পাইছে ।