অসম

assam

ETV Bharat / state

Bihu Workshop in various places : বিহুলৈ বুলি কঁকালত টঙালি বান্ধি সাজু প্ৰতিগৰাকী অসমীয়া - কঁকালত টঙালি বান্ধি সাজু প্ৰতিজন অসমীয়া

অসমীয়াৰ বাপতি সাহোন চেনেহৰ ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী ৷ প্ৰকৃতিৰ লঠঙা বিৰিষেও পুৰণি সাজ সলাইছে (Bihu preparation in Assam) । কপৌ, তগৰ আদি ফুলে নানাৰঙী আস্বাদনেৰে ধৰাৰ বুকু সজাই তুলিছে । কুলি-কেতেকীয়ে আনিছে বহাগৰ বতৰা । বহাগৰ জাননী পাই গাত তৰণি নাই প্ৰতিগৰাকী অসমীয়াৰ । ঠায়ে ঠায়ে আৰম্ভ হৈছে বিহুৰ কৰ্মশালা ৷

Bihu dance workshop in Assam
ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে বিহুৰ আখৰা

By

Published : Mar 26, 2022, 1:32 PM IST

নিউজ ডেস্ক, ২৬ মাৰ্চ : ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে বিহুৰ আখৰা ৷ বাপতি সাহোন ৰঙালী বিহুটিক আদৰিবলৈ এতিয়া চৌদিশে পূৰ্ণ উদ্যমেৰে চলিছে প্ৰস্তুতি ৷ ঢোল-পেঁপাৰ মাতৰ কঁকাল ভাগিছে নাচনীয়ে ৷ এনে প্ৰস্তুতিৰ অংশ হিচাপে বাক্সা জিলাৰ মৰা পাগলাদিয়াৰ পাৰত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে বিহুৰ কৰ্মশালা (Bihu dance workshop in Baksa) ।

ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে বিহুৰ আখৰা

বৰমাৰ সমন্বয় কলাকেন্দ্ৰৰ উদ্যোগত সাতদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা । শুকুৰবাৰে বিয়লিৰ পৰা অনুষ্ঠিত হোৱা এই কৰ্মশালাৰ বন্তি প্ৰজ্বলন কৰে বৰমা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিতুমণি গোস্বামীয়ে । এই কৰ্মশালাখনি উদ্বোধন কৰে লেখিকা ৰঞ্জনা তালুকদাৰে ।

কৰ্মশালাত অতিথি হিচাপে উপস্থিত থাকে বৰমা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মিনাক্ষী গগৈ । এই কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে কণিকা ইংতি । বৃহত্তৰ বৰমা অঞ্চলৰ বহু কণ কণ শিশু তথা কিশোৰ-কিশোৰীয়ে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হৈ অংশগ্ৰহণ কৰে এই কৰ্মশালাত ।

কঁকালত টঙালি বান্ধি সাজু প্ৰতিগৰাকী অসমীয়া

বাক্সাৰ সমান্তৰালকৈ টিংখাঙতো ঢোল-পেঁপাৰ লহৰত জাক-জাক নাচনীয়ে ভাগিছে কঁকাল (Bihu dance workshop at Tingkhong) ৷ অসমীয়াৰ আয়ুসৰেখা ৰঙালীক আদৰিবৰ বাবে টিংখাঙতো চলিছে ব্যাপক প্ৰস্তুতি । টিংখাঙৰ নখাটত বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বৰাৰ উদ্যোগত তথা ভাৰতীয় জনতা যুৱ মৰ্চাৰ লেঙেৰী মণ্ডলৰ সৌজন্যত আৰু ‘‘আমি সদায় এনেকৈয়ে একেলগে’’ গ্ৰুপৰ সহযোগত বিগত ২৩ মাৰ্চৰ পৰা আৰম্ভ হৈছে ১০ দিনীয়া বিহু নাচ আৰু ঢোলবাদন কৰ্মশালা । উক্ত কৰ্মশালাত বিহুনাচৰ প্ৰশিক্ষণ প্ৰদান কৰিছে অভিনেত্ৰী তথা বিহুৰাণী খ্যাত মণিকাঞ্চন কোঁৱৰে ।

লগতে পঢ়ক :ব'হাগ পালেহি: ঢোল নিৰ্মাণত ব্যস্ত শিল্পী

আনহাতে, ঢোলৰ প্ৰশিক্ষণ প্ৰদান কৰিছে ওজা প্ৰাঞ্জল গগৈয়ে । ১ এপ্ৰিললৈকে অনুষ্ঠিত হ'বলগীয়া কৰ্মশালাত অঞ্চলটোৰ ৪ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে । বিহুৰ সংস্কৃতি ধৰি ৰখাৰ ক্ষেত্ৰত প্ৰশিক্ষাৰ্থীসকলক লৈ যথেষ্ট আশাবাদী বিহুৰাণী মণিকাঞ্চন কোঁৱৰ । বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাত ব্যাপক হাৰত প্ৰশিক্ষাৰ্থীসকলৰ অংশগ্ৰহণ দেখি যথেষ্ট উৎফুল্লিত হৈ পৰিছে উদ্যোক্তাসকল ।

হেঁপাহৰ ৰঙালীক আদৰিবলৈ পূৰ্ণ উদ্যমেৰে চলিছে ব্যাপক প্ৰস্তুতি

লখিমপুৰতো সাতদিনীয়া কাৰ্যসূচী হাতত লৈ বিহু সুৰক্ষা সমিতি, অসমৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে বিহুৰ কৰ্মশালা (Bihu dance workshop in Lakhimpur) ৷ বিহু সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিতিত বিহু কৰ্মশালাৰ শুভাৰম্ভ কৰে জ্যেষ্ঠ সাংবাদিক কুশল শইকীয়াই ৷

অভিজ্ঞ প্ৰশিক্ষকক সামৰি লখিমপুৰ ত্যাগক্ষেত্ৰত আয়োজিত সাতদিনীয়া বিহুৰ কৰ্মশালাত জিলাখনৰ প্ৰায় ৫ শতাধিক বিহুৱতীয়ে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, বিহু সুৰক্ষা সমিতিয়ে আয়োজন কৰা এনে কৰ্মশালাই বিহুৰ ক্ষেত্ৰখনক আগুৱাই নিয়াত সহায়ক হ’ব বুলি মতপ্ৰকাশ কৰে বিভিন্নজনে ৷

লগতে পঢ়ক :Bihu workshop in Kaliabor: কলিয়াবৰত চলি আছে বিহুৰ কৰ্মশালা

ABOUT THE AUTHOR

...view details