অসম

assam

ETV Bharat / state

বাক্সাত বিহুৰ প্ৰস্তুতি - baisagu

ৰঙালীৰ সমান্তৰালকৈ বাক্সাত চলিছে বড়ো জনগোষ্ঠীয় লোকসকলৰ অন্যতম উৎসৱ বৈশাগুক আদৰাৰ প্ৰস্তুতি

বাক্সাত বিহুৰ প্ৰস্তুতি

By

Published : Apr 12, 2019, 11:18 AM IST

বাক্সা, 12 এপ্ৰিল : ৰঙালী লৈ মাজত মাথো এটা দিন ৷ সাতখন আঠখন প্ৰতিগৰাকী অসমীয়াৰ গা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৰঙালীক আদৰিবলৈ প্ৰস্তুতি চলাইছে বাক্সাৰ ৰাইজে ৷ বাক্সাৰ কচুবাৰী গাঁৱত একাংশ মহিলাই চলাইছে জেং বিহুৰ আখৰা ৷ মহিলাসকলৰ জেং বিহুক জীয়াই ৰখাৰ প্ৰয়াসেৰে ওলাই আহিছে কচুবাৰী গাঁৱৰ এইসকল মহিলা ৷ ইপিনে ৰঙালী বিহুৰ সমান্তৰালকৈ জিলাখনৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কলবাৰীত বড়ো জনগোষ্ঠীয় লোকসকল ব্যস্ত হৈ পৰিছে বৈশাগুক আদৰিবলৈ ৷

বাক্সাত বিহুৰ প্ৰস্তুতি

কলবাৰীত এতিয়া মাথো খাম ,জোথা,ছিফুং ,ছেৰেঙাৰ শব্দ ৷ কণমাণী শিশুৰ পৰা আৰম্ভ কৰি ডেকাসকললৈ সকলো ব্যস্ত হৈ পৰিছে বৈশাগু উপলক্ষে বড়ো নৃত্যৰ আখৰাত ৷ এনেদৰেই এতিয়া ঢোল পেঁপাৰ পৰা আৰম্ভ কৰি খাম ,জোথা,ছিফুং ,ছেৰেঙাৰ মাতেৰে মুখৰিত হৈ পৰিছে বাক্সা ৷

ABOUT THE AUTHOR

...view details