অসম

assam

ETV Bharat / state

জালাহত পাঁচদিনীয়াকৈ বিহু নৃত্যৰ প্ৰশিক্ষণ

মঙলবাৰৰ পৰা বাক্সাৰ জালাহত আৰম্ভ হৈছে পাঁচদিনীয়াকৈ বিহু নৃত্য, বিহু ঢোল বাদন, পেঁপা-গগণা-বাঁহী বাদন আৰু বিহুগীতৰ প্ৰশিক্ষণ । প্ৰশিক্ষণত অংশগ্ৰহণ কৰে প্ৰায় 50 গৰাকী শিক্ষাৰ্থীয়ে ৷

bihu-dance-workshop-at-jalah
বাক্সাৰ জালাহত বিহু নৃত্যৰ প্ৰশিক্ষণ

By

Published : Mar 24, 2021, 7:27 PM IST

বাক্সা,24 মাৰ্চ: বাক্সা জিলাৰ জালাহত জালাহ শাখা সাহিত্য সভাৰ উদ্যোগত মঙলবাৰৰ পৰা আৰম্ভ হৈছে পাঁচদিনীয়াকৈ বিহু নৃত্য, বিহু ঢোল বাদন, পেঁপা-গগণা-বাঁহী বাদন আৰু বিহুগীতৰ প্ৰশিক্ষণ । পাঠশালাৰ বিশিষ্ট নৃত্যশিল্পী অপূৰ্ব তালুকদাৰে মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণত ভাগ লৈছে প্ৰায় 50 গৰাকী শিক্ষাৰ্থীয়ে ৷

বাক্সাৰ জালাহত বিহু নৃত্যৰ প্ৰশিক্ষণ

প্ৰশিক্ষণত বিশিষ্ট নৃত্য শিল্পী অশ্বিনী দাস, ঢোলবাদক পবিত্ৰ দাস, কুমুদ দাস, কুশোল দাস আৰু কণ্ঠশিল্পী ডেইজী দাসে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে । লগতে প্ৰশিক্ষণত ভাগ লয় জালাহ শাখা সাহিত্য সভাৰ সম্পাদক কুমাৰ অনুপম, শাখাৰ প্ৰাক্তন সম্পাদক পুলিন বৰা, উষা নাথ, শাখা সাহিত্য সভাৰ উপ সভাপতি মানসী নাথ, বাক্সা জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক নয়নমণি চৌধুৰী, সমাজকৰ্মী বিজয় দাস, জালাহ বি বি কিষাণ মহাবিদ্যালয়ৰ প্ৰবক্তা কল্যাণ নাথ,পবিত্ৰ নাথকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক:নিৰ্বাচনৰ মাজতে সাপেখাতীত ৰঙালী বিহুৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details