কোকৰাঝাৰ,27 মাৰ্চ: এফালে নিৰ্বাচন আনপিনে চেনেহৰ বহাগৰ আগজাননী ৷ নিৰ্বাচনৰ গৰম বতাহৰ মাজতেই কোকৰাঝাৰত আৰম্ভ হৈছে বিহু নৃত্যৰ কৰ্মশালা ৷ কোকৰাঝাৰ মণিকাঞ্চন মহিলা সমিতিয়ে আয়োজন কৰিছে বিহু নৃত্যৰ কৰ্মশালা ৷ এই বিহু নৃত্যৰ প্ৰশিক্ষণ দিছে মোহময়ী অভিনত্ৰী অসমৰ প্ৰথমগৰাকী বিহুৰাণী তথা ভাৰত চৰকাৰে প্ৰদান কৰা ’ভাৰত গুৰু’ সন্মান প্ৰাপক মাধুৰীমা চৌধুৰীয়ে ৷
কোকৰাঝাৰ চহৰৰ ৰাসমেলা খেলপথাৰত যোৱা ২২ মাৰ্চৰ পৰা ১০ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই বিহু নৃত্য কৰ্মশালাখনত শতাধিক নাচনীয়ে অংশগ্ৰহণ কৰিছে ৷ বড়ো, বঙালী, হিন্দীভাষীকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ নাচনীয়ে অংশগ্ৰহণ কৰে ৷ এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিবলৈ মহিলাসকলে পাছ পৰি থকা নাই ৷ প্ৰশিক্ষণ দিবলৈ অহা অভিনেত্ৰী মাধুৰীমা চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কোকৰাঝাৰৰ নিচিনা ঠাইত মণিকাঞ্চন মহিলা সমিতিয়ে বিহু নৃত্যৰ কৰ্মশালাখন আয়োজন কৰাৰ বাবে ধন্যবাদ জনায় ৷